ETV Bharat / state

শিলচৰত মন্ত্ৰী পীযূষ হাজৰিকাৰ সভাক লৈ উত্তাল প্ৰতিবাদ - উত্তাল প্ৰতিবাদ

মন্ত্ৰী পীযূষ হাজৰিকাৰ সভাক লৈ উত্তাল প্ৰতিবাদ কৰে শিলচৰৰ একাংশ দল সংগঠনৰ লগতে কংগ্ৰেছ কৰ্মীয়ে ৷ প্ৰতিবাদতে ক্ষান্ত নাথাকি আৰক্ষীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয় প্ৰতিবাদকাৰীসকল ৷ মন্ত্ৰীক কলা পতাকা প্ৰদৰ্শন প্ৰতিবাদকাৰী সকলৰ ৷

শিলচৰত মন্ত্ৰী পীযূষ হাজাৰিকাৰ সভাক লৈ উত্তাল প্ৰতিবাদ
author img

By

Published : Sep 5, 2019, 10:19 PM IST

Updated : Sep 5, 2019, 11:35 PM IST

শিলচৰ,5ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে শিলচৰত উত্তাল প্ৰতিবাদ৷ মন্ত্ৰী পীযূষ হাজৰিকাৰ সভাক লৈ উত্তাল প্ৰতিবাদ কৰে শিলচৰৰ একাংশ দল সংগঠনৰ লগতে কংগ্ৰেছ কৰ্মীয়ে ৷ উল্লেখ্য যে শিলচৰৰ ঐতিহ্যমণ্ডিত গান্ধী পাৰ্কত শিলচৰ পৌৰসভাই সম্পূৰ্ণ অবৈধভাৱে হোটেল, শ্বপিং মল, বাৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছিল ৷ এই আঁচনিৰ উদ্ধোধনৰ কাৰণে বৃহস্পতিবাৰে মন্ত্ৰী পীযূষ হাজাৰিকাই এক সভাত অংশ ল'বলৈ যাঁওতেই প্ৰতিবাদৰ সন্মুখীন হয় ৷ সম্মিলিত সাংস্কৃতিক সংস্থাৰ নেতৃত্বত কংগ্ৰেছ সহ চহৰৰ হাজাৰ হাজাৰ সাংস্কৃতিক কৰ্মীয়ে গান্ধী পাৰ্কৰ সম্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ইপিনে এই প্ৰতিবাদত কংগ্ৰেছ নেত্ৰী সুস্মিতা দেবে অংশ লয় ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগঃ সম্পূৰ্ণ অবৈধ ভাৱে শিলচৰ পৌৰসভাই ঐতিহাসিক গান্ধী পাৰ্কখন বাণিজ্যিকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে ৷ যাৰ ফলত চহৰৰ ঐতিহ্য নষ্ট হ'ব ৷

শিলচৰত মন্ত্ৰী পীযূষ হাজাৰিকাৰ সভাক লৈ উত্তাল প্ৰতিবাদ

আনহাতে আৰক্ষী-চিআৰপিএফে এই কাৰ্যত বাধা প্ৰয়োগ কৰিবলৈ যাঁওতে আৰক্ষীৰ লগত তৰ্কাতৰ্কি আৰম্ভ হয় ৷ ইফালে প্ৰতিবাদকাৰীসকলে মন্ত্ৰী পীযূষ হাজৰিকাক কলা পতাকাও প্ৰৰ্দশন কৰে ৷ এনে তুমুল প্ৰতিবাদৰ মাজতে মন্ত্ৰী গৰাকীয়ে পৌৰসভাৰ বিতৰ্কিত এই আঁচনিখন উদ্ধোধন কৰে ৷

Intro:News Silchar

শিলচৰত উত্তাল প্ৰতিবাদ৷ মন্ত্ৰী পীযূষ হাজাৰিকাৰ সভা লৈ উত্তাল প্ৰতিবাদ ৷ চহৰৰ বিভিন্ন সাংস্কৃতিক সন্থা সহ কংগ্ৰেছ কৰ্মী সকলৰ প্ৰতিবাদ ৷ আৰক্ষীৰ লগত দস্তাদস্তি প্ৰতিবাদকাৰী সকলৰ ৷ মন্ত্ৰীক কলা পতাকা প্ৰদৰ্শন প্ৰতিবাদকাৰী সকলৰ ৷ Body:News Silchar

শিলচৰত উত্তাল প্ৰতিবাদ৷ মন্ত্ৰী পীযূষ হাজাৰিকাৰ সভা লৈ উত্তাল প্ৰতিবাদ ৷ চহৰৰ বিভিন্ন সাংস্কৃতিক সন্থা সহ কংগ্ৰেছ কৰ্মী সকলৰ প্ৰতিবাদ ৷ আৰক্ষীৰ লগত দস্তাদস্তি প্ৰতিবাদকাৰী সকলৰ ৷ মন্ত্ৰীক কলা পতাকা প্ৰদৰ্শন প্ৰতিবাদকাৰী সকলৰ ৷ চহৰৰ ঐতিহ্যৱাহী গান্ধী পাৰ্ক খনত শিলচৰ পৌৰসভা সম্পুৰ্ণ অবৈধভাৱে হোটেল ছপিং মহল বাৰ তৈৰীৰ সিদ্ধান্তৰ প্ৰতিবাদত চহৰৰ প্ৰতিটো সংস্কৃতিক সন্থা সহ কংগ্ৰেছৰ প্ৰতবাদ ৷ মন্ত্ৰী পীযূষ হাজৰিকাই আজি গান্ধী পাৰ্কত এই আচনিৰ ঊদ্ধোধন কৰিবলৈ শিলচৰত আহিছিল মন্ত্ৰীগৰাকী ৷ আৱেলি ৩ টাত যেতিয়া মন্ত্ৰী গৰাকী শিলচৰ আহি উপস্থিত হয় তেতিয়া সম্মিলিত সংস্কৃতিক সংস্থাৰ নেতৃত্বত কংগ্ৰেছ সহ চহৰৰ হেজাৰ হেজাৰ সংস্কৃতিক কৰ্মী সকল গান্ধী পাৰ্কৰ সম্মুখত আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেবও পাতিবাদত সামিল হয় ৷প্ৰতিবাদকাৰী সকলৰ অভিযোগ সম্পূৰ্ণ অবৈধ ভাৱে শিলচৰ পৌৰসভা ঐতিহাসিক গান্ধী পাৰ্কখন বাণিজ্যিকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে ৷ফলত চহৰৰ ঐতিহ্য নষ্ট হব ৷
বাইট- সুস্সিতা
বাইট- সংস্কৃতিক কৰ্মী ৷
আৰক্ষী - ছিআৰপিএফ এ বাধা প্ৰয়োগ কৰে তেতিয়া আৰক্ষীৰ লগত ধস্তাদস্তি আৰম্ভ হয় ৷ মন্ত্ৰীক কলা পতাকাও প্ৰদশন কৰে প্ৰতিবাদকাৰ সকলে ৷ তুমুল প্ৰতিবাদৰ মাজত মন্ত্ৰী গৰাকীয়ে পৌৰসভাৰ বিতৰ্কত এই আাচনিখন উদ্ধোধন কৰে ৷ মন্ত্ৰীৰ সভা চলা লৈকে প্ৰতিবাদ চলে৷পিছত সংবাদ মাধ্যমত মন্ত্ৰীগৰাকীয়ে কয় পৌৰসভাৰ নিমন্ত্ৰণত উদ্ধোধন কৰিবলৈ আহিছে ৷ সংস্কৃতিক কৰ্মী সকলৰ ক্ষোভ থাকিলে তেওঁ প্ৰতিৱাদী সকলৰ আলোচনাত বহিবলৈ ৰাজি কিন্তু কংগ্ৰেছৰ ৰঙা চকু ভয় নকৰে ৷
বাইট- মন্ত্ৰীConclusion:নিমন্ত্ৰণত উদ্ধোধন কৰিবলৈ আহিছে ৷ সংস্কৃতিক কৰ্মী সকলৰ ক্ষোভ থাকিলে তেওঁ প্ৰতিৱাদী সকলৰ আলোচনাত বহিবলৈ ৰাজি কিন্তু কংগ্ৰেছৰ ৰঙা চকু ভয় নকৰে ৷
বাইট- মন্ত্ৰী
Last Updated : Sep 5, 2019, 11:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.