ETV Bharat / state

শুকুৰবাৰে ৰাজ্যৰ ক’ত ক’ত উদ্ধাৰ হ’ল ড্ৰাগছ ?

author img

By

Published : Jul 3, 2021, 1:48 PM IST

অসম আৰক্ষী (Assam Police) য়ে ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে ড্ৰাগছ (Drugs) বিৰোধী অভিযান । কাছাৰ আৰক্ষীয়ে জিৰিঘাট হাউকিপুঞ্জিৰ পৰা তিনি লাখ টকাৰ হেৰ’ইনসহ এটা সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে ।

assam-police-on-mission-against-drugs
শুকুৰবাৰে ৰাজ্যৰ ক’ত ক’ত উদ্ধাৰ হ’ল ড্ৰাগছ ?

নিউজ ডেস্ক, 3 জুলাই : কাছাৰ আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলাই জিৰিঘাট হাউকিপুঞ্জিৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এটা সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে । সোণাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গ্রেপ্তাৰ কৰে সৰবৰাহকাৰীটোক ৷ গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীটো কাছাৰ জিলাৰ জিৰিঘাট লবণখালৰ লালপিং লম হমাৰ বুলি জানিব পৰা হৈছে ৷

লালপিং লম হমাৰ পৰা আৰক্ষীয়ে ছটা চাবোনৰ কেছত প্রায় ৭৮ গ্রাম হেৰ’ইন (Heroin Drug) উদ্ধাৰ কৰে । উদ্ধাৰ কৰা হেৰ’ইন (Heroin Drug)খিনিৰ মূল্য প্ৰায় তিনি লাখ টকা বুলি জানিব পৰা হৈছে ৷

নলবাৰীত গাঞ্জাসহ সৰবৰাহকাৰী আটক :

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ (31 National Highway)ৰ ভাল্লা চ'কত শুকুৰবাৰে টিহু আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজনক আটক কৰে ৷ টিহু আৰক্ষীয়ে আটক কৰা লোকজন আচাব দৈমাৰী বুলি জানিব পৰা হৈছে ৷ আচাব দৈমাৰীয়ে AS - 01- P - 0211 নম্বৰৰ এখন এল্ট’ গাড়ীৰে বৰমালৈ গাঞ্জাখিনি অনাৰ সময়ত টিহু আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত গাঞ্জাসহ যুৱকজনক আটক কৰে ।

assam-police-on-mission-against-drugs
কাছাৰত ড্ৰাগছসহ আটক এজন

টিহু আৰক্ষীয়ে (Tihu Police) আচাব দৈমাৰীৰ পৰা প্ৰায় ৪৯ কিল’গ্ৰাম গাঞ্জা (Ganja) জব্দ কৰে । আৰক্ষীয়ে আচাবক আটক কৰে যদিও আন এজন সৰবৰাহকাৰী সুযোগ বুজি পলায়ন কৰিবলৈ সক্ষম হয় । গাঞ্জা সৰবৰাহকাৰী (Ganja Mafia) গাড়ীখনৰ পিছে পিছে আহি থকা এখন বাইকেৰে পলায়ন কৰে আনটো গাঞ্জা সৰবৰাহকাৰী ।

assam-police-on-mission-against-drugs
নলবাৰীত গাঞ্জাসহ আটক এজন

নগাঁৱত ড্ৰাগছসহ আটক দুই :

নগাঁও জিলাৰ আহোমগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰেন বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শুকুৰবাৰে দুটা ড্ৰাগছ সৰবৰাহকাৰী (Drug Mafia)ক আটক কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী (Drug Mafia) দুটা ছালকাটি পথাৰৰ বাবুল হুছেইন আৰু বৰভেটি ৰিজাৰ্ভৰ ইছলাম উদ্দিন বুলি জানিব পৰা হৈছে । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা ২৯ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ নগদ ৫,৬৮০ টকা, এখন মটৰ চাইকেল আৰু দুটা এনড্র’ইড ম’বাইল (Android Mobile) হেণ্ডছেট জব্দ কৰে ৷ ড্ৰাগছ সৰবৰাহকাৰী দুটা পূৰ্বতেও কেইবাটাও অপৰাধমূলক ঘটনাৰ লগত জড়িত আছিল বুলি জানিব পৰা হৈছে ৷

assam-police-on-mission-against-drugs
নগাঁৱত ড্ৰাগছসহ আটক দুই

লগতে পঢ়ক : অসম আৰক্ষীত চাৰিদিনত ৰুজু 112 টা বিত্তীয় CYBER CRIMEৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.