শিলচৰ, 20 মাৰ্চ: পূৰ্বতে নিৰ্বাচনী প্ৰচাৰলৈ আহি বৰাকবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰি হতাশগ্ৰস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বৃহস্পতিবাৰে কৰিমগঞ্জৰ জনসভাত ইয়াৰ প্ৰতিফলন ঘটিছে ৷ দেশৰ অন্যান্য সভাত আনন্দ উল্লাসেৰে ভাষণ দিয়া প্ৰধানমন্ত্ৰীক কৰিমগঞ্জৰ সভাত হতাশগ্ৰস্ত দেখিবলৈ পোৱা গৈছিল ৷ যি দৃশ্য দেশবাসীয়ে পূৰ্বতে কেতিয়াও দেখিবলৈ পোৱা নাই ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুপ্ৰীয়া নাতেৰ ৷ শুকুৰবাৰে শিলচৰৰ কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এনেদৰে বিজেপিৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনাৰে থকা-সৰকা কৰে APCCৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৰাকীয়ে ৷
তেওঁ কয় যে, প্ৰত্যেকবাৰে বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ন ন প্ৰতিশ্ৰুতি প্ৰদান কৰে শাসকীয় চৰকাৰখনে ৷ কিন্তু আজি পৰ্যন্ত কোনো এটা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম নহ’ল ৷ বৰাক তথা সমগ্ৰ অসমৰে উন্নয়নত চূড়ান্তভাৱে ব্যৰ্থ হৈছে শাসকীয় চৰকাৰখন ৷ যাৰ বাবে হতাশগ্ৰহস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী ৷ ইয়াৰ উপৰিও পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ সন্দৰ্ভত কৰিমগঞ্জৰ জনসভাত উল্লেখ নকৰাৰ বাবেও প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে সুপ্ৰীয়া নাতেৰে ৷
ইয়াৰ উপৰিও কংগ্ৰেছে এইবেলি নিৰ্বাচনৰৰ বাবে উল্লেখ কৰা পাঁচটি গেৰান্টীৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় মুখপাত্ৰ গৰাকীয়ে কয়, কংগ্ৰেছে প্ৰতিশ্ৰুতি সমূহ বাস্তৱত পৰিণত কৰিব ৷ ৰাজ্যৰ পাঁচ লাখ নিৱনুৱাক চাকৰি দিয়াৰ লগতে মহিলা সকল দুহাজাৰ কৈ টকা আৰু প্ৰতিমাহে 200 ইউনিট বিদ্যুৎ প্ৰদান কৰিব ৷
লগতে পঢ়ক-বিপিএফৰ কোনো নীতি-আদৰ্শ আৰু নিৰ্দেশনা নাইঃ মনোকুমাৰ ব্ৰহ্ম