ETV Bharat / state

অসমত গো-মাংস বিক্ৰী বন্ধৰ দাবী জনালে এটা সংখ্যালঘু সংগঠনে

author img

By

Published : Jul 14, 2021, 5:59 PM IST

অসমত সম্পূৰ্ণ ৰূপে গো-মাংসৰ (beef) বিক্ৰী বন্ধ হ’ব লাগে ৷ কাৰণ শেহতীয়াকৈ ৰাজ্য চৰকাৰে গো-সুৰক্ষাৰ (Cattle protection) ওপৰত যিখন বিধেয়ক আনিছে সেই বিধেয়ৰ জৰিয়তে সমাজত সাম্প্ৰদায়িকতা বৃদ্ধি পাব ৷ এই মন্তব্য কাছাৰৰ এটা সংখ্যালঘু সংগঠনৰ ৷

cow proteactions bill
অসমত গো-মাংসৰ বিক্ৰী বন্ধৰ দাবী জনালে এটা মুছলিম সংগঠনে

কাছাৰ, 14 জুলাই : ড৹ হিমন্ত বিশ্ব শৰ্মা (HIMNTA BISWA SARMA) নেতৃত্বাধীন বিজেপি চৰকাৰে বিধানসভাৰ মজিয়াত গো-সুৰক্ষা বিধেয়ক (Cattle Protection Bill) উত্থাপন কৰাৰ পূৰ্ৱেই শাসক বিৰোধীৰ লগতে ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰিছে ৷ তাৰ মাজতে কাছাৰ জিলাৰ (CACHAR DISTRICT) শিলচৰস্থিত মধুৰবন্ধ ইউথ কাউন্সিল (MADHURBOND YOUTH COUNCIL) নামৰ এটা সংখ্যালঘু সংগঠনে কৰিছে বিশেষ তাৎপৰ্যপূৰ্ণ মন্তৱ্য ৷

সংগঠনটোৱে উল্লেখ কৰিছে যে, অসমত সম্পূৰ্ণ ৰূপে গো-মাংসৰ বিক্ৰী বন্ধ হ’ব লাগে ৷ কাৰণ শেহতীয়াকৈ ৰাজ্য চৰকাৰে গো-সুৰক্ষাৰ ওপৰত যিখন বিধেয়ক আনিছে সেই বিধেয়কৰ জৰিয়তে সমাজত সাম্প্ৰদায়িকতা বৃদ্ধি পাব ৷ এই সমগ্ৰ বিষয়টো জনাই কাছাৰ জিলাৰ উপায়ুক্তলৈ ইতিমধ্যে মধুৰবন্ধ ইউথ কাউন্সিলে (MADHURBOND YOUTH COUNCIL) এখন দাবী প্ৰত্ৰ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, অসম চৰকাৰে (ASSAM GOVERNMENT) যিখন গো-সুৰক্ষা আইন আনিব বিচাৰিছে সেই অনুসৰি মন্দিৰৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গো-হত্যা বা গো-মাংস বিক্ৰী সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হ’ব ৷

সম্প্ৰতি এই বিধেয়কখন বিধানসভাত (ASSMBLY )উত্থাপন হোৱাৰ পূৰ্ৱে ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে ৷ তাৰ মাজতে বিধেয়কখনৰ সমৰ্থন আগবাঢ়ি আহিছে শিলচৰৰ মধুৰবন্ধ ইউথ কাউন্সিল (MADHURBOND YOUTH COUNCIL) নামৰ সংগঠনটো ৷ সংগঠনটোৰ মতে অসমত (ASSAM) সম্পূৰ্ণ ৰূপে গৰুক লৈ ৰাজনীতি চলি আছে গতিকে ইয়াক বন্ধ কৰিব লাগে আৰু গো-মাংসৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে ৷ কাৰণ অসমত এই বিলখনৰ জৰিয়তে হিন্দু-মুছলমানৰ (HINDU-MUSLIM) মাজত বিভাজন সৃষ্টি কৰিব বিচৰৈ হৈছে ৷

তেওঁলোকে আশংকা প্ৰকাশ কৰিছে যে, যদি কোনো লোকে মন্দিৰৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গো মাংস খায় আৰু এই মাংসৰ অবশিষ্টখিনি যদি জন্তুৱে কোনো মন্দিৰৰ চৌহদলৈ লৈ যায় তেন্তে ৰাজ্যত পুনৰ দুয়ো গোষ্ঠীৰ মাজত সংঘৰ্ষ হোৱাৰো সম্ভাৱনা বৃদ্ধি পাব ৷ লগতে সংগঠনটোৱে চৰকাৰৰ প্ৰতি আহ্বান জনায় যে, গৰুক লৈ ৰাজনীতি বন্ধ কৰিব লাগে আৰু দেশ তথা ৰাজ্যত যিদৰে মূল্যবৃদ্ধি হৈছে তাক নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়কঃ এনকাউণ্টাৰৰ প্ৰসংগত সদনত কি ক'লে মুখ্যমন্ত্রীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.