বৰখলা, 28 মাৰ্চঃ শনিবাৰে কৰ'ণা ভাইৰাছক লৈ লোৱা ব্যৱস্থাৰ বুজ ল'বলৈ বৰখলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় বিধায়ক কিশোৰ নাথ ৷ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ অনুসৰি,বিধায়ক গৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক সুজিত সিঙৰ লগত কথা পাতিবলৈ যায় ৷ কিন্তু চিকিৎসক গৰাকী উত্তেজিত হৈ দুৰ্ব্যৱহাৰ কৰে বিধায়ক গৰাকীৰ লগতে তেওঁৰ লগত যোৱা লোকসকলক ৷ এটা সময়ত কাজিয়া বাঢ়ি গৈ প্ৰবল উত্তেজনাৰ সৃষ্টি হয় সেই স্থানত ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ লোক সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷
লগতে পঢ়কঃ চতিয়াত গেলামালৰ দোকান পৰিদৰ্শন বিধায়ক পদ্ম হাজৰিকাৰ