শিলচৰ, 17 মে’: প্ৰতিবছৰে 19 মে’ তাৰিখে বৰাক উপত্যকাত পালন কৰি আহিছে 19 মে’ দিৱস ৷ 1961 চনৰ ইংৰাজীৰ 19 মে’ দিনটোতেই 11 জনকৈ লোকে শিলচৰৰ ৰে’লৱে ষ্টেচনত বাংলা ভাষাৰ বাবে শ্বহীদ হৈছিল ৷
ইয়াৰ লগত সংগতি ৰাখি আজি শিলচৰৰ ৰাংগীৰ খৰিৰ পৰা শিলচৰৰ ৰে’লষ্টেচন লৈ এক বৃহৎ ৰেলী বাহিৰ কৰা হয় ৷ য’ত অংশগ্ৰহণ কৰে বাংলাদেশৰ বহু শিল্পী ৷ বাংলাদেশৰ ছিলেটৰ পৰা অহা শিল্পী প্ৰতীক কুন্ডুৱে শিলচৰত আহি ভাল লাগিছে বুলি ইটিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ আনহাতে বাংলা ভাষাৰ বাবে শ্বহীদ হোৱা ঘটনাটো ইতিহাসত বিৰল বুলি উল্লেখ কৰে লোকজনে ৷