ধুবুৰী, ২১ ফেব্ৰুৱাৰী : ডাইনী হত্যা ৰোধৰ বাবে চৰকাৰে উলিওৱা বিজ্ঞপ্তিৰ পাচতো ৰাজ্যত অব্যাহত আছে ডাইনী হত্যা। এইবাৰ ডাইনী সাজি একেটা পৰিয়ালৰে তিনিজনক হত্যাৰ প্ৰয়াস এখন তথাকথিত সভ্য সমাজৰ। ঘটনাত মৃত্য়ুবৰণ কৰে এজন। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন।
ডাইনী সন্দেহত ধুবুৰীত হানি-খুচি হত্যা - ইটিভি অসম
ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ ছয় অভিযুক্তক
etv bharat
ধুবুৰী, ২১ ফেব্ৰুৱাৰী : ডাইনী হত্যা ৰোধৰ বাবে চৰকাৰে উলিওৱা বিজ্ঞপ্তিৰ পাচতো ৰাজ্যত অব্যাহত আছে ডাইনী হত্যা। এইবাৰ ডাইনী সাজি একেটা পৰিয়ালৰে তিনিজনক হত্যাৰ প্ৰয়াস এখন তথাকথিত সভ্য সমাজৰ। ঘটনাত মৃত্য়ুবৰণ কৰে এজন। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন।
SLUG- DHUBRI DAINI UPDATE SCRIPT
( FOR DIBYA )
# Yesterday Files sending through MOJO #
Anchor:- ধুবুৰী-কোকৰাঝাৰ সীমান্তৰ মদাতি গাঁওত ডাইনী কাণ্ডৰ ঘটনা। ডাইনী সন্দেহত তিনিজন লোকক আবদ্ধ কৰি দুদিনে অত্যাচাৰ গাঁওবাসীৰ। ৰাইজৰ আক্ৰমণত প্ৰাণ গল নিৰ্জয় ৰাভা নামৰ এজন লোকৰ।
আহত মহিলাসহ আন দুজন। ঘটনাৰ পিছতেই গাওঁবুঢ়া সহ ছয় জনক গ্ৰেপ্তাৰ। ইপিনে আৰক্ষীৰ জালত পৰাৰ ভয়ত গাঁও এৰি পলায়ন কৰিছে গাঁও খনৰ বহু পৰিয়াল।।
vo:- এটাৰ পিছত এটাকৈ জঘন্য ডাইনী হত্যাৰ ঘটনা সংঘটিত হৈছে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমামূৰীয়া অঞ্চলত। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও আৰু পৰ্বতঝৰা মহকুমা এলেকাৰ ভিন্ন এলেকাত বিগত দিনত বহু কেইটা ডাইনী হত্যাৰ ঘটনা সংঘটিত হৈছে। এইবাৰ ঘটনাৰ স্থান মদাতি গাঁও। মদাতী গাওঁত যোৱা সোমবাৰৰ দিনা সংঘটিত ঘটনাত এজন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় মহিলা সহ দুজন। উল্লেখযোগ্য যে, বি টি এ ডিৰ অতি ভিতৰুৱা মদাতি গাওঁৰ দূৰ্ভগীয়া সেই পৰিয়ালৰ পৰিমল ৰাভা আৰু সাৰতি বালা ৰাভা বৰ্তমানে ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। কিন্তু মুৰত গুৰুতৰ আঘাত পোৱা নিৰ্জয় ৰাভাক সোমবাৰে নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পথত আদবাটতে মৃত্যু হয় নিৰ্জয় ৰাভাৰ। ইফালে ঘটনা সন্দৰ্ভদ ভুক্তভোগী পৰিয়ালটোৰ ফালৰ পৰা জুনু ৰাভাই স্থানীয় কাজিগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৪৪৭/৩৪২/৩২৬/৩০৭/৩০২ ধাৰাত ১০/১৯ নম্বৰত এখন গোচৰ পঞ্জীয়ন কৰি ইতিমধ্যে আৰক্ষীয়ে মদাতি গাওঁখনৰ গাওঁবুঢ়া হীৰেন্দ্ৰ ৰাভাসহ, মুকুন্দ ৰাভা, সুজন চন্দ্ৰ ৰাভা, চিতাৰাম ৰাভা, হেমকান্ত ৰাভা আৰু নিহত নিৰ্জয় ৰাভাৰ ভাতৃ কৈলাস চন্দ্ৰ ৰাভা নামৰ এগৰাকী শিক্ষককে ধৰি তিনিগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে আন কেইবাজনক সোধাপচাৰ বাবে আটক কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, কেইদিনমান পূৰ্বে গাঁও খনৰ এগৰাকী কিশোৰ ৰোগাক্ৰান্ত হোৱাৰ পিছত উল্লেখিত লোক কেইজনৰ ওপৰত ডাইনী বুলি সন্দেহ কৰিবলৈ আৰম্ভ কৰে গাঁও খনৰ ৰাইজে। ইয়াৰ পিছতেই যোৱা সোমবাৰৰ নিশা গাঁও খনৰ প্ৰায় পচিশ জনীয়া দল এটাই নিৰ্জয় ৰাভাৰ বাসগৃহত উপস্থিত হৈ নিৰ্জয় ৰাভাক শোৱাপাটিৰ পৰা উঠাই নিয়ে। লগতে আন এগৰাকী মহিলা সহ মুঠ তিনিজনক ঘৰৰ পৰা উঠাই লৈ গৈ গাঁওখনৰ এজন লোকৰ ঘৰত দুদিনে আবদ্ধ কৰি ৰাখি ডাইনী সন্দেহত শাৰীৰিক আৰু মানসিক অত্যাচাৰ আৰম্ভ কৰে অন্ধ বিশ্বাসৰ অন্ধকাৰময় জগতত বসবাস কৰা গাঁওখনৰ একাংশ ৰাইজে। ইপিনে মঙ্গলবাৰে পুৱাৰে পৰা নিশালৈকে মাৰপিট কৰাৰ ফলত গুৰুতৰ ভাবে আহত হয় তিনিওজন লোক। পাছত স্থানীয় একাংশ লোকৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে ডাইনী সন্দেহত আবদ্ধ হৈ থকা তিনিজনকৈ লোক। পাছত তিনিয়কো ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিওঁ চিকিৎসকে নিৰ্জয় ৰাভাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে। কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ নিয়াৰ পথতেই শেষ নিঃশ্বাস ত্যাগ কৰে নিৰ্জয় ৰাভাই। সম্প্ৰতি নিহত নিৰ্জয় ৰাভাৰ বাসগৃহত শোকাকূল পৰিৱেশ। উল্লেখযোগ্য যে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়ত ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমামূৰীয়া গোসাঁইগাঁও মহকুমা এলেকাৰ ভিন্ন অঞ্চলত বিগত দিনত বহু কেইটা এনে ডাইনী কাণ্ডৰ ঘটনা সংঘটিত হৈছে। শেহতীয়া কৈ মদাতি গাঁওত সংগঠিত হোৱা এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসমক। আনহাতে ডাইনী কাণ্ড ৰোধ কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা সজাগতাৰ বাবে বিভিন্ন বিজ্ঞাপন দিয়া হৈছে যদিওঁ তেনে বিজ্ঞাপনে যেন ঢুকি পোৱা নাই ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমামূৰীয়া অঞ্চল সমূহত। উল্লেখযোগ্য যে, এই ঘটনাৰ সৈতে ইতিমধ্যে নিহত নিৰ্জয় ৰাভাৰ নিজ শিক্ষক ভাতৃ আৰু গাওঁবুঢ়া সহ ছয় জনক গ্ৰেপ্তাৰ কৰিছে কাজিগাঁও আৰক্ষীয়ে। ঘটনাৰ সৈতে জড়িত থকা আন বহুতো লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। ইপিনে আৰক্ষীয়ে অভিযুক্ত গাঁওবাসীক আটক কৰাৰ বাবে অভিযান অব্যাহত ৰখাৰ সময়ত গাঁও এৰি পলায়ন কৰিছে গাঁও খনৰ বহুকেইটা পৰিয়ালে। বৰ্তমান নিমাউমাও পৰিৱেশ গাঁও খনৰ।
Byte,,, নিৰ্জয় ৰাভাৰ কন্যা আৰু গাঁওবাসী
লগতে এটা PTC
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।