ETV Bharat / state

Gamocha controversy in Assam: দুডোখৰীয়া গামোচাৰ বিৰোধিতাৰে উত্তাল মানিকপুৰ

ৰাজ্যজুৰি অব্যাহত গামোচা বিতৰ্ক ৷ বঙাইগাঁও জিলাৰ মানিকপুৰত বীৰ লাচিত সেনাই জুমুঠি দাহেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ (Protest in Manikpur)।

author img

By

Published : Mar 28, 2023, 8:34 PM IST

Veer Lachit Sena Assam protest in Manikpur
ৰাজ্যজুৰি অব্যাহত গামোচা বিতৰ্ক
ৰাজ্যজুৰি অব্যাহত গামোচা বিতৰ্ক

অভয়াপুৰী, ২৮ মাৰ্চ: গামোচা বিতৰ্কক লৈ শেহতীয়াকৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া অব্যাহত আছে (Gamocha Controversy in Assam) । অসমীয়াৰ স্বাভিমান গামোচাৰ লগত বঙালীসকলৰ গামোচাখন লগ লগাই যি সমন্বয়ৰ চেষ্টা কৰা হৈছে, তাক লৈ আৰম্ভ হৈছে প্ৰতিবাদ । ৰাজ্য়ৰ বিভিন্ন দল-সংগঠনে এই কাৰ্যক গৰিহনা দিয়াৰ মাজতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচিত সেনা অসমে । বীৰ লাচিত সেনাই এই ক্ষেত্ৰত সকলো পক্ষকে সকীয়াই দি প্ৰয়োজনত আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়াৰ লগতে ৰাজ্য়জুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (Veer Lachit Sena Assam reacts on Assamese Gamocha Controversy)৷ মানিকপুৰত সংগঠনটোৱ ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ।

মানিকপুৰত বীৰ লাচিত সেনাৰ বঙাইগাঁও জিলা সমিতিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী বিমল বড়া আৰু শিলাদিত্যৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ জনায় (Veer Lachit Sena Assam protest in Manikpur)। বঙাইগাঁও জিলাৰ মাণিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বীৰ লাচিত সেনাৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত মাণিকপুৰ আঞ্চলিক সমিতিৰ সহযোগত শিক্ষামন্ত্ৰী, শিলাদিত্য আৰু বিমল বড়াৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্লোগান দিয়ে । বীৰ লাচিত সেনাই অসমত বাঙালী গিৰি নচলিব, শিলাদিত্যক গ্ৰেপ্তাৰ কৰক, বাংলা সাহিত্য সভাৰ ঊৰ্ধতালি নচলিব, শিক্ষা মন্ত্ৰী হায় হায়, আদি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে ।

বীৰ লাচিত সেনাই শিলাদিত্যক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় । অসম তথা অসমীয়াৰ স্বাভিমান গামোচাৰ লগত বাংলা সাহিত্য সভাই বাংলা গামোচা লগ লগাই চিলাই কৰি অসমীয়াৰ স্বাভিমানত যি আঘাত হানিলে এয়া দুৰ্ভাগ্যজনক বুলি মন্তব্য় কৰে প্ৰতিবাদকাৰীসকলে । তেওঁলোকে কয় যে, এয়া বেছি বাহুল্য প্ৰদৰ্শন কৰা হৈছে ৷ কিছুমানে এনে কাম কৰিয়েই ভাল পায় ৷ কেৱল অসমীয়া সমাজেই নহয়, বাঙালী সমাজৰ বিবেকৱানসকলেও এনে বহুৱালিক ভাল পোৱা নাই ৷ সংহতি এনেদৰে কৰা নহয় ৷ সংহতি হৃদয়ত থাকে বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় ৷

তেওঁলোকে পুনৰ কয় যে, ৰবীন্দ্ৰ সংগীতক বিহুৰ সুৰত কোনেও নাগায় আৰু বিহুগীতকো বাউল সংগীতৰ সুৰত গোৱা নাযায় ৷ আজিকালি এচাম মানুহৰ বিকৃত চিন্তা-ভাৱনাক সাৰ-পানী যোগাই অহাও দেখা যায় ৷ এয়া বৰ পৰিতাপৰ কথা বুলি তেওঁলোকে মন্তব্য় কৰে ।

লগতে পঢ়ক:Gamocha controversy in Assam : দুডোখৰীয়া গামোচা প্ৰৱৰ্তনৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.