ETV Bharat / state

ছোৱাশালি পাৰা গাঁৱত অসাৰ প্ৰতিপন্ন হ'ল ডিজিটেল ইণ্ডিয়াৰ সপোন - Ghilaguri gaon Panchayat

প্ৰায় 50টা পৰিয়ালে বসবাস কৰা বঙাইগাঁৱৰ ঘিলাগুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ছোৱাশালি পাৰা নামৰ গাঁওখনক আজিলৈকে ঢুকিয়ে নাপালে কোনো এখন চৰকাৰৰ উন্নয়নে ৷ 2016 চনত পৰিৱৰ্তনৰ শ্ল'গান দি ৰাজ্যভাৰ লোৱা বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বতাহে স্পৰ্শই নকৰিলে বঙাইগাঁৱৰ গাঁওখনক ৷ গাঁওখনত ৰাস্তা ঘাটৰ কথাটো বাদেই আজিলৈকে নহ'ল বিদ্যুৎ সংযোগ ৷

undeveloped village of bongaigaon district
ছোৱাশালি পাৰা গাঁৱত অসাৰ প্ৰতিপন্ন হ'ল ডিজিটেল ইণ্ডিয়াৰ সপোন
author img

By

Published : May 28, 2021, 8:22 PM IST

বঙাইগাঁও, 28 মে': উন্নয়ণৰ মুখ নেদেখা বঙাইগাঁৱৰ এখন গাঁও ৷ প্ৰায় 50টা পৰিয়ালে বসবাস কৰা গাঁওখনক আজিলৈকে ঢুকিয়ে নাপালে কোনো এখন চৰকাৰৰ উন্নয়নে ৷ স্বাধীনতাৰ পাচৰে পৰা বহু চৰকাৰ আহিল বহু চৰকাৰ গ'ল, কিন্তু উন্নয়নৰ ছাঁটোকে নপৰিল গাঁওখনত ৷

পৰিৱৰ্তনৰ শ্ল'গান দি 2016 চনত ৰাজ্যভাৰ ল'লে বিজেপিয়ে, কিন্তু পৰিৱৰ্তনৰ বতাহে স্পৰ্শই নকৰিলে বঙাইগাঁৱৰ ঘিলাগুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ছোৱাশালি পাৰা নামৰ গাঁওখনক ৷ প্ৰধানমন্ত্ৰী ডিজিটেল ইণ্ডিয়া আৰু সেই সময়ৰ মুখ্যমন্ত্ৰীৰ বিকশিত অসমৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হ'ল গাঁওবাসীৰ ওচৰত ৷

ছোৱাশালি পাৰা গাঁৱত অসাৰ প্ৰতিপন্ন হ'ল ডিজিটেল ইণ্ডিয়াৰ সপোন

উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত নেতা পালিনেতাৰে ভৰি পৰা গাঁওখনত ৰাস্তা ঘাটৰ কথাটো বাদেই আজিলৈকে বিদ্যুৎ সংযোগেই নহ'ল ৷ বছৰৰ পাচত বছৰ ধৰি লেম্প, চাকি তথা ম'মৰ পোহৰত নিশা কটাইছে গাঁওবাসীয়ে ৷

পৰিৱৰ্তনৰ শ্ল'গান দিয়া শাসনাধীন বিজেপি চৰকাৰৰ ওচৰত আবেদন জনাইয়ো গাঁওবাসীয়ে নাপালে বিদ্যুৎ সংযোগ ৷ অন্ধকাৰত দিন পাৰ কৰি অহা গাঁওবাসীয়ে অতি সোনকালে নতুন চৰকাৰক বিদ্যুৎ সংযোগৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

লগতে পঢ়ক: কামপুৰ বজাৰত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.