বঙাইগাঁও, 17 মে': এগৰাকী কৃষকৰ পুত্ৰই উজ্বলালে বঙাইগাঁৱৰ ৰঙাপানীৰ হৰিচৰৰ গাঁও ৷ দৰিদ্ৰতাই যে শিক্ষাৰ বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে দুগৰাকী দৰিদ্ৰ ছাত্ৰই ৷
ৰঙাপানীৰ শংকৰ-আজান একাডেমীৰ দৰিদ্ৰ মেধাবী ছাত্ৰ ৰকিবুল ইছলামে বুধবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬ টা বিষয়ত লেটাৰ নম্বৰসহ ৯২.৮৩ শতাংশ নম্বৰ লৈ ডিষ্টিংচন আৰু মাণিকপুৰৰ নোৱাগাঁৱৰ মেধাৱী ছাত্ৰ ফুলচান আলীয়ে ৬ টা বিষয়তে লেটাৰ নম্বৰসহ মুঠ ৫৪৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে শিক্ষক- শিক্ষয়িত্ৰী, পিতৃ-মাতৃৰ লগতে আত্মীয়স্বজন ।
কিন্তু, পিতৃৰ সৈতে খেতি পথাৰত কাম কৰি পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ ছাত্ৰ ৰকিবুল ইছলামে ভৱিষ্যতে আই পি এচ হোৱাৰ সপোন দেখিছে যদিও ধনৰ অভাৱত সেয়া সম্ভৱ হ'ব নে নাই তাকে লৈ শংকিত হৈ পৰিছে পৰিয়ালটো । আনহাতে, পিতৃহীন ছাত্ৰ ফুলচান আলীৰ মাতৃয়ে আনৰ ঘৰে-ঘৰে কাম কৰি পঢ়ুৱাইছিল নিজ সন্তানক ৷ ছাত্ৰদুজনৰ এই সাফল্যত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজে ফুলাম গামোচাৰে আদৰণি জনায় ৷
উন্নত ফলাফল লাভ কৰাৰ পিচতে ছাত্ৰদ্বয়ৰ বাসগৃহত উপস্থিত হয় উত্তৰ অভয়াপুৰী সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰমেজ উদ্দিন, সমাজকৰ্মী হানিফ আলী খান, বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমৰাণ হুছেইন খান । দুয়োগৰাকী ছাত্ৰৰ উচ্চ শিক্ষা লাভৰ বাবে ৰমেজ উদ্দিনে আৰ্থিকভাৱে সহায় কৰাৰ লগতে দুয়োজন ছাত্ৰৰে পঢ়া শুনাৰ সম্পূৰ্ণ খৰছ ইমৰাণ হুছেইন খানৰ সহযোগত বহন কৰাৰ ব্যৱস্থা কৰা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷