ETV Bharat / state

ভূমি কেলেংকাৰী গোচৰত বঙাইগাওঁ উপায়ুক্ত কাৰ্যালয়ৰ তিনি কৰ্মচাৰীক আটক - ২০২১ চনৰ এক ভূমি কেলেংকাৰী গোচৰত বঙাইগাওঁ উপায়ুক্ত কাৰ্যালয়ৰ তিনি কৰ্মচাৰীক আটক

ৰাজ্যৰ প্ৰতিটো বিভাগৰ কাৰ্যালয়ৰ পৰা যেন দালালৰাজ নোহোৱা কৰিবলৈ বদ্ধপৰিকৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dalalraj in offices of Assam) । শেহতীয়াকৈ দালালৰ বিৰুদ্ধে চাফাই অভিযান চলাইছে প্ৰশাসনে । ২০২১ চনত সংঘটিত এক ভূমি কেলেংকাৰীৰ গোচৰত আটক কৰা হৈছে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ তিনিগৰাকীকৈ কৰ্মচাৰীক(Three employees detained from Bongaigaon DC office) । ইয়াৰ পূৰ্বেও আটক কৰা হৈছিল চাৰিজনকৈ লোকক ।

two employees of bongaigaon dc office arrested in land scam case
২০২১ চনৰ এক ভূমি কেলেংকাৰী গোচৰত বঙাইগাওঁ উপায়ুক্ত কাৰ্যালয়ৰ তিনি কৰ্মচাৰীক আটক
author img

By

Published : Jun 24, 2022, 12:18 PM IST

বঙাইগাঁও,২৪ জুন: ৰাজ্যৰ বিভিন্ন কাৰ্যালয়সমূহত চলি অহা দালালৰাজ (Dalalraj in offices of Assam) উৎখাত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কঠোৰভাৱে নিৰ্দেশ প্ৰদান কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল বিভিন্ন কাৰ্যালয়সমূহৰ পৰা শ শ দালালক ৷ কিন্তু প্ৰশাসনৰ কঠোৰতাক বৃদ্ধাঙ্গুষ্ঠ দেখুৱাই একাংশই চলাই গৈছে দুৰ্নীতি । উপায়ুক্তৰ কাৰ্যালয়তো একাংশ দুষ্টচক্ৰ জড়িত হৈ পৰিছে বিভিন্ন কেলেংকাৰীত ।

২০২১ চনৰ এক ভূমি কেলেংকাৰী গোচৰত বঙাইগাওঁ উপায়ুক্ত কাৰ্যালয়ৰ তিনি কৰ্মচাৰীক আটক

২০২১ চনত বঙাইগাওঁ উপায়ুক্ত কাৰ্যালয়ত সংঘটিত হৈছিল এক ভূমি কেলেংকাৰী । যি কেলেংকাৰীৰ অভিযোগত পূৰ্বতে আটক কৰা হৈছিল ৪জনকৈ লোকক । কিন্তু সেই চাৰিজন লোকে জামিন লাভ কৰাৰ পাছত ফৰেনছিকৰ তথ্য অনুসৰি বহাইগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পুনৰ আটক কৰে তিনিজনকৈ লোকক(Three employees detained from Bongaigaon DC office) ।

পুনৰবাৰ বঙাইগাঁও আৰক্ষীয়ে বঙাইগাওঁ উপায়ুক্ত কাৰ্যালয়ত অভিযান চলাই উপায়ুক্ত কাৰ্যালয়ৰ দুই কৰ্মচাৰীক আটক কৰাৰ লগতে আটক কৰে এগৰাকী মহৰীক । ভূমি কেলেংকাৰীত জড়িতৰ অভিযোগত উপায়ুক্ত কাৰ্যালয়ৰ পৰা নৈশ চকীদাৰ অনন্ত ৰায় আৰু চাব ৰেজিষ্টাৰ কুলেন চন্দ্ৰ দাসৰ লগতে আটক কৰে মহৰী গিয়াচউদ্দিনক । সম্প্ৰতি তিনিওকে বঙাইগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে বঙাইগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: ৬ বছৰৰ পাছত ভুক্তভোগীয়ে পালে ন্যায়: নাবালিকাক যৌন নিৰ্যাতন চলোৱা RSS নেতা ৰঙাঘৰলৈ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.