ETV Bharat / state

একত্ৰীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ - rinamool Congress protest against amalgamation

শিক্ষা বিভাগে বহু চৰকাৰী বিদ্যালয় একত্ৰিত কৰিবলৈ সিদ্ধান্ত লৈছে ৷ চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ তালিকাত বঙাইগাঁও জিলাৰ কেইবাখনো বিদ্যালয় আছে(Assam Govt decision on School amalgamation)৷ সেয়েহে জিলাখনৰ(Trinamool Congress protest against amalgamation)অৰুনোদয় ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত একত্ৰীকৰণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী তৃণমূল কংগ্ৰেছৰ ।

Trinamool Congress protest  against amalgamation
একত্ৰীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
author img

By

Published : Sep 8, 2022, 2:27 PM IST

মাণিকপুৰ, ৮ছেপ্তেম্বৰ:বিদ্যালয় একত্ৰীকৰণক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে শিক্ষাৰ্থীৰ লগতে দল-সংগঠনৰ প্ৰতিবাদ(Protest against school amalgamation in Assam)। একে সময়তে বঙাইগাঁও জিলাৰ অৰুনোদয় ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত একত্ৰীকৰণক লৈ প্ৰতিবাদ জনোৱা হৈছে । চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদত বহিল তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মী ।

ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নিৰ্দেশত বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ(Trinamool Congress protest against amalgamation) অৰুনোদয় ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । উল্লেখ্য় যে ৰাজ্য়জুৰি তৃণমূল কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । ইয়াৰে অংশৰূপে প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ একত্ৰীকৰণ কৰাৰ নামত বিদ্য়ালয়সমূহ বন্ধৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰক,মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক,শিক্ষামন্ত্ৰী হায় হায়,শিক্ষামন্ত্ৰী মুৰ্দাবাদ,অসম চৰকাৰ হায় হায়,ৰণোজ পেগু মুৰ্দাবাদ আদি শ্ল'গান দিয়ে ।

একত্ৰীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যিক সম্পাদক অভিজিৎ কৰ্মকাৰে কয় যে ৫ ছেপ্তেম্বৰৰ পবিত্ৰ শিক্ষক দিৱসত এজন শিক্ষকে আত্মহত্যা কৰিছে । সেই পৰিয়ালটোক এককালীন সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিবলৈ তেওঁ দাবী জনায় । তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি হৰজত আলীয়ে কয় যে অসম চৰকাৰৰ একত্ৰীকৰণ বন্ধ কৰিবই লাগিব । চৰকাৰে এই ভেকোৱা ভাওনা যেতিয়ালৈকে বন্ধ নকৰিব তেতিয়ালৈ আন্দোলন চলি থাকিব বুলি তেওঁ চৰকাৰক সকীয়াই দিয়ে । প্ৰতিবাদী কাৰ্যসূচীত কেইবাজনো ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ নেতা উপস্থিত থাকে ।

উল্লেখ্য় যে ৰাজ্যৰ শিক্ষা বিভাগে বহু চৰকাৰী বিদ্যালয় একত্ৰিত কৰিবলৈ সিদ্ধান্ত লৈছে ৷ চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ তালিকাত বঙাইগাঁও জিলাৰ কেইবাখনো বিদ্যালয় আছে(Assam Govt decision on School amalgamation)৷ ইয়াকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে বিদ্যালয়কেইখনৰ শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলো ৷ বিদ্যালয়সমূহৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ দাবী বিদ্যালয় স্থানান্তৰৰ লগতে অন্য বিদ্যালয়ৰ লগত চামিল কৰিব নালাগে ৷ এনে কৰিলে জিলাখনৰ বহু শিক্ষাৰ্থী শিক্ষাৰ পৰা বঞ্চিত হ'ব ৷

লগতে পঢ়ক:মাজুলী জিলা ঘোষণাৰ ৭ বছৰ : কি পালে মাজুলীবাসীয়ে ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.