মানিকপুৰ, 11 জুন: বঙাইগাঁৱৰ বাওবাৰীত ৰে’লৱে দলংৰ তিনিটা খুটা বহি যোৱাত আবদ্ধ হৈ পৰিছে কেবাখনো ৰে’লগাড়ী (Trains stuck in three poles of the railway bridge) ৷ বাওবাৰীত নতুনকৈ দলং নিৰ্মাণৰ কাম কৰাৰ বাবে poclainৰে মাটি খান্দিবলৈ লওঁতে পুৰণি দলঙৰ তিনিটা খুঁটা বহি যায় । ফলত ৰে’লৱে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে (Trains stuck at Batabari) ।
যাৰ ফলত পাতিলাদহা ৰে’ল ষ্টেচনত নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছখন আৱদ্ধ হৈ পৰাত (North East Express stuck at Batabari ) যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ইফালে নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনতো কেইবাটাও ৰে’ল আবদ্ধ আছে বুলি জানিব পৰা গৈছে ।
যাত্ৰীসকলে জনোৱা অনুসৰি, 3 ঘন্টা ধৰি নৰ্থ ইষ্ট এক্সপ্ৰেছখন দলংৰ তিনিটা খুটা বহি যোৱাত কথামপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ৷ ইপিনে ৰে’লখন আৱদ্ধ হৈ পৰাত যাত্ৰীসকলৰ মাজত খোৱাপানী ইত্যাদিৰ অভাৱ হৈ পৰিছে৷ ফলত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক : NIA ৰ ঘোষণা: মাওবাদী নেতা সব্যসাচী গোস্বামীৰ সন্ধান দিওতালৈ ১০ লাখ