স্বাধীনতাৰ ৭৫ বছৰ : বৰহাথ পৰিয়ালৰ ত্যাগৰ অমৰ কাহিনী
ৰাজস্থানৰ বৰহাথ পৰিয়ালে ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠিয়াবলৈ বিপ্লৱৰ পথত খোজ দিছিল । এয়া হৈছে এগৰাকী পিতৃ, পুত্ৰ আৰু ভাতৃৰ কাহিনী যিয়ে ৰাজস্থান আৰু মধ্য প্ৰদেশৰ কেতবোৰ স্থানত ৰাইজৰ মাজত বিপ্লৱী সত্ত্বা জগাই তুলিবলৈ লোকগীত পৰিৱেশন কৰিছিল । লগতে ব্ৰিটিছৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰি বিভিন্ন কাৰ্য সংঘটিত কৰিছিল আৰু বিপ্লৱৰ বীজ ৰোপণ কৰিছিল । গোটেই পৰিয়ালটোৱে ভাৰতৰ স্বাধীনতাৰ কাৰণে তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছিল । ভাৰতৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা বিপ্লৱী পৰিয়ালটোলৈ ইটিভি ভাৰতৰ তৰফৰ পৰাও জনাইছো শ্ৰদ্ধাঞ্জলি ।
গ্ল’বেল ষ্টাৰ প্ৰভাষৰ জন্মদিন উললক্ষে ইনষ্টাগ্ৰামে মুকলি কৰিলে নতুন ফিল্টাৰ
আজি দক্ষিণৰ জনপ্ৰিয় অভিনেতা প্ৰভাষৰ জন্মদিন ৷ গ্ল’বেল তাৰকাগৰাকীৰ জন্মদিন উপলক্ষে ইনষ্টাগ্ৰামে ‘Global Prabhas Day’ বুলি মুকলি কৰিছে এটি নতুন ইনষ্টাগ্ৰাম ফিল্টাৰ ৷
বৰাকক অসমৰ পৰা পৃথক কৰি দিয়াৰ আহ্বান ড৹ নগেন শইকীয়াৰ
বৰাক উপত্যকাক অসমৰ পৰা পৃথক কৰি দিয়াৰ আহ্বান জনালে বৰেণ্য সাহিত্যিক ড৹ নগেন শইকীয়াই ৷ বৰাকত অসমীয়া ফলকত ক’লা ৰং সানি কাৰ্যক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাহিত্যিক ড৹ নগেন শইকীয়াই ৷
পৃথক বৰাক : ড৹ নগেন শইকীয়াৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া শংকৰ জ্যোতি বৰুৱাৰ
বৰেণ্য সাহিত্যিক ড৹ নগেন শইকীয়াই বৰাকক পৃথক ৰাজ্য ঘোষণাৰ বাবে কৰা বিস্ফোৰক মন্তব্যৰ পাছতেই সদৌ অসম ছাত্র সন্থাৰ নিজা প্ৰতিক্ৰিয়া । আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া । ৰাজ্যত সমস্যাৰ উদ্ভৱ হ'লে ৰাজ্যখনৰ কোনো ঠাইকে পৃথক কৰি সমাধান কৰিব পৰা নাযাব বুলি মন্তব্য আছুৰ সাধাৰণ সম্পাদক গৰাকীৰ ৷
মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্বাচন আয়োগক পত্ৰ বিৰোধী দলপতিৰ
হিমন্ত বিশ্ব শৰ্মাক উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অনুৰোধ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰিলে পত্ৰ ৷
14 দফীয়া দাবীৰে ৰাজ্যজুৰি প্ৰতিবাদ চিকিৎসকৰ
আকৌ প্ৰতিবাদত বহিছে চিকিৎসক সকল, ফলত ব্যাহত হৈ পৰিল চিকিৎসা সেৱা ৷ অসমৰ জিলাই জিলাই প্ৰতিবাদ চৰকাৰী চিকিৎসকৰ ৷ বহিঃ বিভাগৰ চিকিৎসা সেৱাৰ পৰা বিৰত থাকি ন্যাৰ্য দাবীত অৱস্থান ধর্মঘট ৰূপায়ন কৰে চিকিৎসক সকলে । অসম চিকিৎসা সেৱা সন্থাৰ উদ্যোগত সাব্যস্ত কৰিলে এই প্ৰতিবাদ ৷
মাকক বিচাৰি হাহাকাৰ এটি 11 বছৰীয়া কিশোৰ
‘‘ক’তেনো আছা মোৰ আই, কাতৰে মাতিছো শুনিছানে নাই ৷ তুমি অতদিনে ক’ত আছা ? এবছৰেই হ’ল অ’ তোমাক দেখা নাই ৷ আজি এবছৰে মই ঘৰত কাম কৰি আছো ৷ তুমি য’তেই আছা ঘৰলৈ গুচি আহা ৷’’ মাকৰ বুকুৰ উম বিচাৰি হাহাকাৰ কৰিছে শিৱসাগৰ জিলাৰ আমগুৰি কলেজ তিনি আলিৰ এই 11 বছৰীয়া কিশোৰটিয়ে ৷ কাতৰেৰে মাকক কাষলৈ মাতিছে কিশোৰটিয়ে ৷
ভাৰতৰ পৰা প্ৰথমবাৰৰ বাবে ব্যক্তিগত উপগ্ৰহ উৎক্ষেপণ কৰিব কৰ্ণাটকৰ এজন যুৱকে
কৰ্ণাটকৰ যুৱক আৱেইছ আহমেদে প্ৰথমবাৰৰ বাবে ভাৰত ভূমিৰ পৰা উৎক্ষেপণ কৰিব ব্যক্তিগত উপগ্ৰহ । ভাৰতৰ প্ৰথমটো ব্যক্তিগত উপগ্ৰহ ২০১৮ চনত এলন মাস্কৰ স্পেচএক্সৰ দ্বাৰা মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল । এতিয়া ভাৰত ভূমিৰ পৰাই উপগ্ৰহ উৎক্ষেপণৰ প্ৰস্তুতি চলাইছে কৰ্ণাটকৰ ২৩ বছৰীয়া যুৱকজনে ।
প্ৰেমৰ প্রত্যাখ্যান সহিব নোৱাৰি বিনয়ে ল’লে প্ৰতিশোধ !
প্ৰেম সকলোৱে কৰে ৷ কেতিয়াবা সফল হয় এই প্ৰেম আকৌ কেতিয়াবা প্রত্যাখ্যান হয় প্ৰেমৰ প্ৰস্তাৱৰ ৷ জীৱনৰ বাটত বহুতেই এক পক্ষীয় প্ৰেমেৰেই আগবাঢ়ি যায় যদিও আন বহুতে বিচাৰি লয় প্ৰতিশোধৰ বাট ৷ প্ৰেমৰ প্ৰস্তাৱ নাকচ হোৱাৰ পিছত বিনয়ে কি কৰিলে চাওঁ আহক ৷
চীনত নতুনকৈ পুনৰ পোহৰলৈ আহিছে ক’ভিড 19 সংক্ৰমণৰ ঘটনা
চীনত নতুনকৈ পুনৰ পোহৰলৈ আহিছে ক’ভিড 19 সংক্ৰণৰ ঘটনা ৷ দেশখনৰ চৰকাৰে ততাতৈয়াকৈ বন্ধ কৰিছে প্ৰায় 100 খনতকৈ অধিক বিমানৰ চলাচল, লগতে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে শিক্ষানুষ্ঠানসমূহ আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত ৷