ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 11AM

11 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-11am
11 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Dec 15, 2022, 11:09 AM IST

Lachit Barphukan Memorial and Cultural Project : টীয়কত লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ ভূমি পূজন

টীয়কৰ হোলোঙাপাৰস্থিত বীৰ লাচিত মৈদামত অসম চৰকাৰে বীৰ লাচিতৰ শৌৰ্য বীৰ্য উত্তৰ প্ৰজন্মৰ আগত প্ৰদৰ্শন কৰাৰ উদ্দেশ্য বৃহস্পতিবাৰে মৈদাম প্ৰাংগনত প্ৰায় ডেৰশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ ভূমি পূজন কৰে (Lachit Barphukan Memorial and Cultural Project ) ৷ এই ভূমি পূজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)অংশগ্ৰহণ কৰে।

Bharat Jodo yatra at Sadiya: আজি শদিয়াত সামৰণি পৰিব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানৰ বাবে শদিয়াত বাহৰ পাতিছে কংগ্ৰেছ নেতৃত্বই ৷ সামৰণি অনুষ্ঠানৰ প্ৰাকক্ষণত তিনিচুকীয়াৰ মাকুমৰ লাইনা গাঁৱত সোণোৱাল কছাৰীসকলৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দৰ অন্তৰংগ আলাপ ৷ ভূমিপুত্ৰ কছাৰী জনগোষ্ঠীৰ ৫০০ শতাধিক লোকৰ আজি পৰ্যন্ত ভূমিপট্টা নথকা ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

Blanket Distribution Ceremony : বিজেপিৰ কম্বল আনিবলৈ গৈ প্ৰাণ গ'ল 3 গৰাকীৰ

পশ্চিমবংগৰ আছানছোলত অঘটন ৷ বিজেপিৰ কম্বল বিতৰণ অনুষ্ঠানত গচকত দুগৰাকী মহিলাসহ এগৰাকী কিশোৰী নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে (Blanket Distribution Ceremony in Asansol)৷

Government official beaten up: পলিথিনৰ বিৰুদ্ধে অভিযান চলাবলৈ অহা চৰকাৰী বিষয়াক প্ৰহাৰ

বৰপেটাৰোডত ভয়ংকৰ কাণ্ড ৷ পলিথিনৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে মঙলবাৰে বৰপেটাৰোডৰ বজাৰত প্ৰৱেশ কৰা স্বচ্ছ ভাৰত মিছনৰ (Swachh Bharat Mission) বিষয়া-কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰে ব্যৱসায়ীয়ে ৷

EM Sudden Visit at PWD Office: কোকৰাঝাৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ত চাডেন ভিজিট কাৰ্যবাহী সদস্যৰ

কোকৰাঝাৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ত চাডেন ভিজিট তিনি কাৰ্যবাহী সদস্যৰ (EM Sudden Visit at PWD Office) ৷ কাৰ্যবাহী অভিযন্তাসহ অধিকাংশ কৰ্মচাৰী অনুপস্থিত কাৰ্যালয়ত ৷ কোকৰাঝাৰ লোকনিৰ্মাণ (বিল্ডিং)বিভাগত পইচা নহ'লে লৰচৰ নহয় ফাইল ৷ শ্ব’ ক’জৰ ভাবুকি কৰ্মচাৰীক ৷

Duplicate Gold Boat Seized: মহানগৰীত নকল সোণৰ নাওসহ 4 সৰবৰাহকাৰী গ্ৰেপ্তাৰ

গড়চুক আৰক্ষীৰ অভিযানত জব্দ সোণৰ নাও (Duplicate Gold Boat Seized)৷ গড়চুক আৰক্ষীয়ে পামহিৰ এটা ভাড়াৰূমত অভিযান চলাই নকল সোণৰ নাওসহ ৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (Duplicate Gold Boat Seized)৷

Wall painting awareness program: ৰং তুলিকাৰে জীপাল হৈছে ধেমাজি অসামৰিক চিকিৎসালয়

নতুন ৰঙেৰে ৰঙীন হৈছে ধেমাজি অসামৰিক চিকিৎসালয় (Dhemaji civil hospital)৷ হাতে হাতে ৰং তুলিকা লৈ এদল ন পুৰণি শিল্পীয়ে ধেমাজি অসামৰিক চিকিৎসালয়ৰ দেৱালত সজাগতামূলক বিভিন্ন ছবি আঁকি বুলাই গৈছে ৰং (Wall painting awareness program in Dhemaji) ৷ ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ উদ্যোগত, ধেমাজি জিলা স্বাস্থ্য সমিতি আৰু অংকন কলা নিকেতনৰ সহযোগত বুধবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ত স্বচ্ছতা আৰু সুস্বাস্থ্যৰ বাবে এদিন শীৰ্ষক এক অনুষ্ঠান সম্পন্ন হয় (Wall painting at Dhemaji civil hospital)৷

International Agri Horticulture Fair: ১৭ ডিচেম্বৰৰ পৰা গুৱাহাটীত আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা

অহা ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ কৃষি, উদ্যানশস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব 'সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা-২০২২' (7th Assam International Agri Horticulture Fair 2022) । এই মেলা খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব ।

Pistol recovered in Karbi Anglong: কাৰ্বি আংলঙত অবৈধ মাৰণাস্ত্ৰসহ আটক দুজন

কাৰ্বি আংলং আৰক্ষীৰ সাফল্য (Pistol recovered in Karbi Anglong) ৷ বৃহস্পতিবাৰে পুৱতি নিশা ডকমকা এলেকাত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে চলে এক অভিযান ৷ অভিযানকালত পইন্ট 32 পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

Grantha Mahotsav:পঞ্চম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ উদ্বোধন কৰিলে সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে

ৰাজ্যত এতিয়া কিতাপৰ বতৰ ৷ ডিব্ৰুগড়ত বুধবাৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে "খোজ অসম" (Khoj Assam)ৰ উদ্যোগত পঞ্চম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ (Dibrugarh Grantha Mahotsav)৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.