ক’ভিডত আক্ৰান্ত ধিং এক্সপ্ৰেছ হিমা দাস
হিমা দাসৰ দেহত ধৰা পৰিছে ক’ভিড 19ৰ উপস্থিতি ৷ মঙলবাৰে ক’ভিড পৰীক্ষাৰ ফলাফল পজিটিভ আহে এথলিট গৰাকীৰ ৷
মহা অষ্টমীত জনসমুদ্ৰত পৰিণত বুঢ়ী গোঁসানী দেৱালয়
মহাষ্টমী উপলক্ষে বুধবাৰে পুৱাৰে পৰা ব্যাপক হাৰত ভক্তৰ সমাগম ঘটিছে যোৰহাটৰ বুঢ়ী গোঁসানী দেৱালয়লৈ ৷ স্বৰ্গদেউ ৰূদ্ৰসিংহৰ দিনৰ পৰাই ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয়ত পালন কৰি অহা হৈছে দুৰ্গা পূজা । ২২৭ বছৰীয়া এই দেৱালয়ৰ পূজা এতিয়াও জাগ্ৰত বুলি প্ৰচলিত । এই দেৱালয়ত নৈবেদ্য আৰু প্ৰদীপ আগবঢ়ালে মনোকামনা পূৰ্ণ হয় বুলি জনমানসত প্ৰচলিত হৈ আহিছে । পূৰ্বে মহাষ্টমীৰ দিনটোত বুঢ়ী গোঁসানী দেৱালয়ত দেৱী দুর্গাৰ সন্মুখত বলি দিয়া হৈছিল যদিও এইবাৰ ক’ভিডৰ বাবে বলি দিয়া হোৱা নাই । উল্লেখ্য যে, এইবাৰ বুঢ়ী গোঁসানী দেৱালয়ত দেৱীৰ আশীষ ল’বলৈ হ’লে অথবা দেৱালয়ৰ চৌহদত প্ৰৱেশৰ ক্ষেত্ৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷
মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণ : নিহত ৫
শেহতীয়াকৈ মণিপুৰত উগ্ৰপন্থীৰ কাৰ্য-কলাপ বৃদ্ধি পাইছে । উগ্ৰপন্থীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত থকাৰ মাজতে পুনৰ লোমহৰ্ষক ঘটনা । এইবাৰ সাধাৰণ গঞাৰ ওপৰত আক্ৰমণ উগ্ৰপন্থীৰ ।
ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে NSUI ৰ প্ৰতিবাদ
বঙাইগাঁও জিলাৰ বালাপাৰাত মঙলবাৰে জিলা এনএছইউআয়ে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৰ জিলা সভাপতি ছফিকুল ইছলামৰ নেতৃত্বত প্ৰায় অৰ্ধ শতাধিক এনএছইউআইৰ কৰ্মীয়ে যোগীঘোপাৰ বালাপাৰা বজাৰৰ পৰা বেনাৰ-ফেষ্টুন লৈ এক প্ৰতিবাদী বাইক ৰেলী বাহিৰ কৰে ৷ প্ৰতিবাদকাৰীসকলে মোডী চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মূৰ্দাবাদ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, দৰিদ্ৰ জনসাধাৰণৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । এনএছইউআইৰ কৰ্মীসকলে বালাপাৰা তেল ডিপোত উপস্থিত হৈ তেল ডিপোৰ কৰ্মচাৰী আৰু মালিকক গামোচা আৰু মালা পিন্ধাই চৰকাৰক কঠোৰ সমালোচনা কৰে ৷
দেশৰ 40 টা নতুন কয়লাৰ খনিৰ বাবে মুকলি কৰা হৈছে নিলামী প্ৰক্ৰিয়া
প্ৰথম দুটা খণ্ডত দেশৰ 28 টা কয়লা খনিৰ সফলতাপূৰ্ণ নিলাম সম্পূৰ্ণ হোৱাৰ পিছতে পুনৰ 40 টা নতুন কয়লাৰ খনিৰ বাবে নিলামীৰ প্ৰক্ৰিয়া মঙলবাৰে মুকলি কৰিছে কেন্দ্ৰীয় কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা দপ্তৰে ৷
বৃহস্পতিবাৰে ভাৰত-আমেৰিকাৰ অৰ্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্বৰ বৈঠক
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব জেনেট য়েলেনৰ সভাপতিত্বত আমেৰিকাত অনুষ্ঠিত হ'ব ভাৰত আৰু আমেৰিকাৰ অৰ্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্বৰ বৈঠক । বৈঠকত উপস্থিত থাকিব ভাৰতৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ।
মৃত্যুঘণ্টা বাজিছে জকাই অৰ্কিড উদ্যানত
ডিব্ৰুগড়ৰ অন্যতম জকাই অৰ্কিড উদ্যান(Jokai Orchid Garden)ৰ দুৰৱস্থা ৷ দিনে দিনে মৃত্যুৰ ক্ষণ গণিছে এই পৰিৱেশ পৰ্যটন কেন্দ্ৰটোৱে ৷ উদ্যানখনৰ দুৰৱস্থাৰ আঁৰত বন বিভাগ(Forest Department) আৰু পৰ্যটন বিভাগ(Tourism Department)ৰ হেমাহি বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷
মুম্বাইৰ কাৰলাত অগ্নিকাণ্ডত জাহ গ’ল 20 খনকৈ মটৰ চাইকেল
মুম্বাইৰ নেহৰু নগৰস্থিত এটি আবাসিক এলেকাত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ ফলত 20 খনকৈ মটৰচাইকলে জুইত জাহ যায় ৷ ঘটনাত কোনো লোক হতাহত হোৱা নাই ৷
পূজাস্থলীত আত্মীয়ক দেখি আবেগিক হৈ পৰিল অভিনেত্ৰী কাজল
শুকুৰবাৰে মুম্বাইত দুৰ্গা পূজা দৰ্শনৰ মুম্বাইৰ এখন পূজাস্থলীত উপস্থিত হয় বলীউড অভিনেত্ৰী কাজল ৷ পূজাস্থলীত উপস্থিত হৈয়ে অভিনেত্ৰীগৰাকীয়ে নিজৰ সম্পৰ্কীয় লোকক দেখি আবেগিক হৈ পৰে ৷ বহু দিনৰ অন্তত পৰিয়ালৰ লোকক লগ পাই কান্দোনত ভাগি পৰে কাজল ৷ অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ’ এতিয়া সমগ্ৰ সামাজিক মাধ্যমতে ব্যাপক চৰ্চিত হৈ পৰিছে...
ৰোণাল্ড’ৰ হেট্ৰিক : ফিফা বিশ্বকাপৰ কোৱালিফায়াৰৰ গ্ৰুপ-2 ৰ দ্বিতীয় স্থানত পৰ্তুগাল
ৰোণাল্ড’ৰ হেট্ৰিকেৰে ফিফা বিশ্বকাপৰ কোৱালিফায়াৰৰ গ্ৰুপ-2 ৰ দ্বিতীয় স্থানত উপনীত হ’ল পৰ্তুগাল ৷ লেক্সমবাৰ্গক 5-0 গ’লত পৰাজিত কৰি দ্বিতীয় স্থানলৈ উন্নীত হ’ল পৰ্তুগাল ৷