বঙাইগাঁও, 13 মে' : ৰাজ্যজুৰি অপৰাধ নিয়ন্ত্ৰণৰ বাবে কঠোৰতকৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ৷ সম্প্ৰতি বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষীৰ নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰাৰ ৩য় খণ্ডত নিশা আৰক্ষীয়ে অভিযান চলাই তিনিজন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় (Three gambler arrested in Bongaigaon)৷
জানিব পৰা মতে, চাহেব আলী নামৰ লোকজনৰ ঘৰত জুৱাখেল চলি থকাৰ সময়তে আৰক্ষী নিৰক্ষীণ চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুচ ছামাদৰ নেতৃত্বত অভিযান চলায় আৰক্ষীয়ে । এই অভিযানতেই ৩ জন জুৱাৰীক কৰায়ত্ব কৰে আৰক্ষীয়ে ।
ইফালে, কৰায়ত্ব কৰা জুৱাৰীকেইজন হৈছে নোৱাগাঁৱৰ ছফিউৰ আলী(২৭), ছালাবিলাৰ হাকিম উদ্দিন (৩৮), নাম্বাৰপাৰা ৩য় খণ্ডৰ জিন্নত আলী (৪১)। আটকাধীন জুৱাৰীকেইজনৰ পৰা ২ টা মোবাইল, টাচ পাতসহ ২ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে (Gambler arrested at Bongaigaon) ।
আনহাতে, আৰক্ষীৰ আগমণৰ খবৰ লাভ কৰি জিন্নত আলী নামৰ জুৱাৰীজনে দৌৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে আঘাতপ্ৰাপ্ত হোৱাত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইফালে, লোকজনক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও জুৱাৰীজনৰ ভৰি ভঙাত উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হয় ।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে গাঁওৰক্ষী বাহিনীৰ সম্পাদক বোৰহান আলী খানৰ ঘৰৰ পৰা ৮ জনকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে । ইয়াৰ পিছত পুনৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ ঘৰৰ পৰা ৩ জন জুৱাৰীক কৰায়ত্ব কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।
লগতে পঢ়ক : কলগাছিয়াত জুৱা খেলক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট