ETV Bharat / state

নামনি অসমত আতংক চলোৱা কি এই ক’লা মানুহ ?

author img

By

Published : Jul 25, 2021, 12:20 PM IST

নামনি অসমত ক’লা মানুহৰ আতংক । শনিবাৰে নিশা বঙাইগাঁৱত ক’লা মানুহ আতংকৰ মাজতে তিনিজন চোৰ কৰায়ত্ব কৰে আৰক্ষীয়ে । যাক লৈ সদৰ চহৰৰ মাজ মজিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

Bongaigaon Blackman 3 thief arrest
বঙাইগাঁৱত ক’লা মানুহৰ আতংক

বঙাইগাঁও, 25 জুলাই : শনিবাৰে নিশাই উত্তপ্ত হৈ পৰে বঙাইগাঁও চহৰ ৷ ক’লা মানুহক বিচাৰি সদৰ চহৰৰ মাজ মজিয়াত সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ ৷ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি ক’লা মানুহে সন্ত্ৰাস চলাই আছে বঙাইগাঁও চহৰত ৷

ক’লা মানুহক কেন্দ্ৰ কৰিয়েই নিশাই এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় চহৰখনত ৷ অৱশেষত আৰক্ষী আহি পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আনে ৷ পৰৱৰ্তী সময়ত চহৰখনৰ কচাইপট্টিৰ ওচৰৰ কালভাৰ্ট এটাৰ তলত স্থানীয় ৰাইজে লুকাই থকা অৱস্থাত আটক কৰা হয় তিনিজন লোকক ৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, আটকাধীন লোককেইজন ক’লা মানুহ নহয় ৷

বঙাইগাঁৱত ক’লা মানুহৰ আতংক

প্ৰকৃততে ৰাইজে আটক কৰা তিনি ব্যক্তি চোৰহে ৷ আৰক্ষীয়ে সদৰি কৰা অনুসৰি, ক’লা মানুহ আতংকৰ সম্পৰ্কে কোনো দুৰ্বৃত্তই চলাইছিল অপ-প্ৰচাৰ ৷ এই অপ-প্ৰচাৰক কেন্দ্ৰ কৰিয়েই নিশা হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় বঙাইগাঁও চহৰত ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰি সদৰ থানালৈ লৈ আহে চোৰকেইটাৰ ৷

যাৰ ফলত নিশাই শ-শ লোক ওলাই আহে ৰাজপথলৈ ৷ অৱশেষত মাইকযোগে সদৰ থানাৰ আৰক্ষীয়ে পৰিৱেশ নিয়ন্ত্ৰণলৈ আনে ৷ সদৰ চহৰৰ মাজ মজিয়াত ক'লা মানুহ সম্পৰ্কে বিয়পি পৰা উৰা বাতৰিত ভোল নাযাবলৈ আৰক্ষীয়ে ৰাইজক আহ্বান জনায় ৷

ইফালে অঞ্চলবাসীৰ অভিযোগ, বঙাইগাঁৱত অব্যাহত আছে ক’লা মানুহৰ আতংক ৷ জিলাখনত বিভিন্ন সময়ত ক’লা মানুহৰ আক্ৰমণত আহত হৈছে বহু লোক ৷ এই সন্দৰ্ভত আৰক্ষীক উচিত তদন্ত কৰিবলৈ আহ্বান জনাই বঙাইগাঁওবাসী ৰাইজে ৷

লগতে পঢ়ক : চলন্ত ৰে'লৰ পৰা জপিয়ালে এগৰাকী মহিলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.