ETV Bharat / state

HSLC ৰ ফলাফল: অভয়াপুৰীত প্ৰধান শিক্ষয়ত্ৰীক ঘেৰাও ছাত্ৰীৰ - student protest at bangaigaon

বহু প্ৰতীক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC EXAM RESULT) ফলাফলৰ বিসংগতিৰ অভিযোগ তুলি ৰাজ্যজুৰি একাংশ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ । মঙলবাৰে পুনৰ বঙাইগাঁও জিলাৰ যোগেন্দ্ৰ নাৰায়ণ সোঁৱৰণী ছোৱালী উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰীক ঘেৰাও কৰে বিদ্যালয়ৰ ছাত্ৰীসকলে ৷

student protest at bangaigaon
HSLC ৰ ফলাফল: অভয়াপুৰীত প্ৰধান শিক্ষয়ত্ৰীক ঘেৰাও ছাত্ৰীৰ
author img

By

Published : Aug 3, 2021, 4:56 PM IST

অভয়াপুৰী, 3 আগষ্ট : বহু জল্পনা-কল্পনাৰ অন্তত 30 জুলাইত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC EXAM RESULT)ৰ ফলাফল ঘোষণা কৰা হয় ৷ কিন্তু পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছৰে পৰা ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিসংগতি হোৱাৰ অভিযোগ কৰি ৰাজ্যৰ ঠায়ে ঠায়ে একাংশ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ মঙলবাৰে পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় বঙাইগাঁও জিলাৰ যোগেন্দ্ৰ নাৰায়ণ সোঁৱৰণী ছোৱালী উচ্চ বিদ্যালয়ত ৷

অভয়াপুৰীত প্ৰধান শিক্ষয়ত্ৰীক ঘেৰাও ছাত্ৰীৰ

যোগেন্দ্ৰ নাৰায়ণ সোঁৱৰণী ছোৱালী উচ্চ বিদ্যালয়ৰ ছাত্ৰীসকলে মঙলবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীৰ ছকিৰন নেছাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে ৷ প্ৰধান শিক্ষয়িত্ৰীয়ে গোপন বুজাবুজিৰে বিদ্যালয়খনৰ কেইগৰাকীমান শিক্ষাৰ্থী পৰীক্ষাত উত্তীৰ্ণ কৰোৱা অভিযোগ কৰে অনুত্তীৰ্ণ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে । শিক্ষাৰ্থীসকলে অভিযোগ কৰা মতে, তেওঁলোকে বিভিন্ন পৰীক্ষাৰ মূল্যায়নত ভাল নম্বৰ পোৱা স্বত্বেও কেৱল প্ৰধান শিক্ষয়িত্ৰীৰ স্বজন-প্ৰীতিৰ বাবে পৰীক্ষাত অনুত্তীৰ্ণ হয় ।

তেওঁলোকে লগতে শিক্ষা বিভাগে প্ৰথমতে ফলাফলত প্ৰথম বিভাগ, দ্বিতীয় বিভাগ আদি শ্ৰেণী বিভাজন নাথাকিব বুলি ঘোষণা কৰিও ফলাফলত ডিষ্টিংছন, ষ্টাৰ নম্বৰ পৰ্যন্ত ঘোষণা কৰাত ক্ষোভ প্ৰকাশ কৰে । মঙলবাৰে বিদ্যালয়ৰ ছাত্ৰীসকলে ন্যায় বিচাৰি প্ৰধান শিক্ষয়ত্ৰীৰ ছকিৰন নেছাৰ কাৰ্যালত ঘেৰাও কৰে ৷ তেওঁলোকে এই ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷

লগতে পঢ়ক : HSLC ৰ ফলাফল : ছয়গাঁৱত প্ৰধান শিক্ষয়ত্ৰীৰ বাসগৃহ ঘেৰাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.