বঙাইগাঁও, 8এপ্ৰিল: বৃহস্পতিবাৰে পুৱাৰ ভাগত অহা ধুমুহা বতাহ জাকৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাতো বিস্তৰ ক্ষতি-সাধন হয় ৷
এই ধুমুহা জাকে কাকৈজানাৰ দুখনকৈ বিদ্যালয়ৰ চালৰ টিনপাট উৰুৱাই নিয়াৰ ফলত বিদ্যালয়ৰ পাঠদান ব্যাহত হৈ পৰে । এই ধুমুহা জাকৰ ফলত বিস্তৰ ভাৱে ক্ষতিগ্ৰস্ত হয় কাকৈজানা কদমতলা প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ বাবে মজুত কৰি ৰখা চাউলৰো ।
আনকি এই ধুমুহা জাকৰ ফলত বিভিন্ন স্থানত গছ-গছনি ভাঙি বিদ্যুৎ যোগান ব্যৱস্থাৰ ব্যাপক ক্ষতি সাধন হোৱাত অঞ্চলটোত বিদ্যুত যোগান ব্যাহত হৈ আছে । উল্লেখ্য যে, অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ ব্যাপক ক্ষতিসাধন কৰে পুৱাৰ ভাগত অহা ধুমুহা জাকে ।
লগতে পঢ়ক: ক'ভিড-১৯ঃ সোণাপুৰৰ LNIPE ক কন্টেইনমেন্ট জ'ন ঘোষণা