ETV Bharat / state

ক’লা মানুহ প্ৰসংগ: বিশেষ সভা প্ৰশাসনৰ

author img

By

Published : Jul 26, 2021, 11:15 AM IST

ক'লা মানুহ সম্পৰ্কে বিয়পি পৰা উৰা বাতৰিত ভোল নাযাবলৈ ৰাইজক আহ্বান বঙাইগাঁও জিলা প্ৰশাসনৰ ৷ এই সন্দৰ্ভত অভয়াপুৰীৰ উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভা কক্ষত প্ৰশাসনে অনুষ্ঠিত কৰে এখন বিশেষ সজাগতা সভা ৷

Special Meeting held By Administration Against Black People At Bongaigaon District
ক’লা মানুহ প্ৰসংগ: বিশেষ সভা প্ৰশাসনৰ

বঙাইগাঁও, 26 জুলাই: নামনি অসমত অব্যাহত আছে ক’লা মানুহৰ আতংক । একেদৰে ক'লা মানুহক লৈ বঙাইগাঁৱতো এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷ বঙাইগাওঁ জিলাত (Bongaogaon District) ক'লা মানুহৰ আতংকক লৈ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । ক'লা মানুহৰ প্ৰসংগক লৈ দেওবাৰে অভয়াপুৰীৰ উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত কৰা হয় এখন সজাগতা সভা ৷

এই সভাত বঙাইগাঁও জিলা উপায়ুক্তৰ লগতে জিলা আৰক্ষী অধীক্ষক, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ লগতে কেইবাগৰাকীয়ো প্ৰশাসনিক বিষয়া আৰু বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকে ৷ ক'লা মানুহৰ আতংকৰ উৰা বাতৰিৰ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ বাবেই এই সভাখন অনুষ্ঠিত কৰে জিলা প্ৰশাসনে ৷ সম্প্ৰকি সমগ্ৰ নামনি অসমতে ক'লা মানুহ বুলি ৰাইজৰ মাজত এটা উৰাবাতৰি প্ৰচাৰ হৈছে ৷ যিটো সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা ৷

লগতে পঢ়ক-নামনি অসমত আতংক চলোৱা কি এই ক’লা মানুহ ?

গতিকে সকলো ৰাইজকে এই সন্দৰ্ভত সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে বঙাইগাঁও জিলাৰ উপায়ুক্ত গৰাকীয়ে ৷ ইয়াৰ বাবে কোনো লোকে যাতে প্ৰৰোচিত নকৰে, তাৰ বাবেও আহ্বান জনাইছে উপায়ুক্তই ৷

আনহাতে, এই উৰাবাতৰি যাতে বিপথে পৰিচালিত নহয় প্ৰশাসনৰ তৰফৰ এই দিশতো তীক্ষ্ণ নজৰ ৰখা হৈছে ৷ ইতিমধ্যে এই আতংক ৰোধ কৰিবলৈ বঙাইগাঁও জিলাৰ বাবে 03664-281561 নম্বৰৰ এটা হেল্পলাইন নম্বৰ (Help Line Number) আৰু 8826803600 নম্বৰৰ এটা হোৱাটছ এপ (WhatsApp) নম্বৰো মুকলি কৰে প্ৰশাসনে । উল্লেখ্য যে, শনিবাৰে নিশাই ক’লা মানুহক বিচাৰি সদৰৰ মাজ মজিয়াত সৃষ্টি হৈছিল এক আতংকময় পৰিস্থিতিৰ ৷

লগতে পঢ়ক-এটুপি বিশুদ্ধ খোৱা পানী যেন অলিক কল্পনা এওঁলোকৰ বাবে !

অৱশেষত আৰক্ষীৰ উপস্থিতিহে পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আনে ৷ পৰৱৰ্তী সময়ত চহৰখনৰ কচাইপট্টিৰ ওচৰৰ কালভাৰ্ট এটাৰ তলত স্থানীয় ৰাইজে লুকাই থকা অৱস্থাত আটক কৰে তিনিজন লোকক ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, আটকাধীন লোককেইজন ক’লা মানুহ নহয় ৷ প্ৰকৃততে ৰাইজে আটক কৰা তিনি ব্যক্তি চোৰহে ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰি সদৰ থানালৈ লৈ আনে চোৰকেইটাক ৷ সদৰ চহৰৰ মাজ মজিয়াত ক'লা মানুহ সম্পৰ্কে বিয়পি পৰা উৰা বাতৰিত ভোল নাযাবলৈ আৰক্ষীয়ে ৰাইজক আহ্বান জনায় ৷

লগতে পঢ়ক-এটি ম’বাইল ফোনৰ বাবেই অপদস্থ কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.