ETV Bharat / state

পথাৰত গেলিছে শস্য : চকুলোৰে বাট নেদেখা হৈছে কৃষকে !

লক্ ডাউনৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত সমস্যাত পৰিছে কৃষক সকল ৷ বিক্ৰীৰ অভাৱত নষ্ট হ'বলৈ ধৰিছে কৃষকে কঁপালৰ ঘাম মাটিত পেলাই কৰা ৰবি খেতিৰ ফচল ৷ যাৰ বাবে এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে কৃষকসকলে ৷

author img

By

Published : Mar 30, 2020, 6:40 PM IST

VEGETABLES DAMAGED IN THE FIELD DUE TO LOCK DOWN

মৰাণ,উত্তৰ অভয়াপুৰী, ৩০ মাৰ্চ : কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ঘোষণা কৰা লক্ ডাউনৰ ফলত মৰাণৰ দিহিং নদীৰ পাৰত অৱস্থিত দিহিঙৰ চাপৰিত এতিয়া কৃষকৰ চকুত চকুপানী । অশেষ পৰিশ্ৰম কৰি অঞ্চলটোৰ কেইবাগৰাকী কৃষকে বেঙেনা, জলকীয়া,ভেকুৰি বেঙেনা আদি বিবিধ পাচলিৰ খেতি কৰিছিল যদিও লক্ ডাউনৰ বাবে বিঘাই বিঘাই পাচলি গছতে নষ্ট হ'বলৈ ধৰিছে । বজাৰ বন্ধ হোৱাত কৃষকে ফচল সমূহ পেলাই দিব লগীয়া হৈছে আৰু যাৰ বাবে কৃষক সকলৰ লাখ লাখ টকা ক্ষতি হৈছে । বেংকৰ পৰা কৃষি ঋণ লৈ খেতি কৰা খেতিয়ক সকলে বেংকৰ ঋণ পৰিশোধ কৰিবলৈ চিন্তা কৰিব লগা হৈছে । অঞ্চলটোৰ কৃষকসকলে বিভাগীয় বিষয়া কৰ্মচাৰীক কৃষিভূমি পৰিদৰ্শন কৰিবলৈ আহ্বান জনোৱাৰ লগতে সাহায্য প্ৰদান কৰিবলৈও চৰকাৰক দাবী জনাইছে ।

চকুলোৰে বাট নেদেখা হৈছে কৃষকে

আনহাতে, কৰ'ণাৰ আতংক আৰু লক্ ডাউনৰ বাবে উত্তৰ অভয়াপুৰীতো খেতিতেই পচিবলৈ ধৰিছে পাচলি । যাৰ বাবে মূৰে-কপালে হাত দিছে কৃষকে । বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত গোলাপাৰাত শ শ বিঘা তিতাকেৰেলা নষ্ট হৈছে বজাৰৰ অভাৱত । প্ৰতি বিঘা খেতিত খৰচ ৩০ হাজাৰকৈ টকা খৰচ কৰি উৎপাদন কৰা তিতাকেৰেলা সম্প্ৰতি কৰ'ণাৰ আতংকৰ ফলত চলি থকা লক্ ডাউনৰ বাবে কৃষকে বিক্ৰী কৰিব নোৱাৰাত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । হাট-বজাৰ, যান-বাহন সকলো বন্ধ হৈ থকাৰ বাবে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা নাই কৃষকে । কৃষকসকলে লক্ ডাউনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে যদিও তেওঁলোকে চৰকাৰ তথা জিলা প্ৰশাসনক তিতাকেৰেলাবোৰ বিক্ৰীৰ কিবা এটা ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।

লগতে পঢক : ল’ক ডাউন: ৰবি শস্যৰ ওপৰত পৰিছে ঋণাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.