বঙাইগাঁও,১৬ ফেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ বাঘমাৰা চৌৰাগুৰী পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ ৷ সভাপতি অমৰ সৰকাৰ বিজেপি দলৰ নেতা হোৱাৰ বাবেই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ ৷
বঙাইগাঁও জিলাৰ চৌৰাগুৰী বাঘমাৰা গাঁও পঞ্চায়তৰ সভাপতি অমৰ সৰকাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে ভূৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ অভিযোগ ৷ চাপৰাকাটা পোপৰাগাঁও হাইস্কুলৰ পৰা নৱম শ্ৰেণী উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ নিৰ্বাচন আয়োগত দাখিল কৰি পঞ্চায়তৰ সভাপতি হিচাপে জয়ী হ'লেও শিক্ষানুষ্ঠানখনত তেখেতে কোনো দিনে ভৰি দিয়ে পোৱা নাই বুলি উত্থাপিত হৈছে অভিযোগ ৷ তথ্য জনা আইনৰ অধীনত সভাপতিৰ জালিয়াতিৰ বিষয়ে জানিব পাৰি জিলা উপায়ুক্ত আৰু আৰক্ষীক লিখিত এজাহাৰ দাখিল কৰিছিল স্থানীয় লোকে ৷ কিন্তু ১ ফেব্ৰুৱাৰীতে আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পাচতো অভিযুক্তজন বিজেপি নেতা হোৱাৰ বাবেই আৰক্ষীয়ে সুৰক্ষা দিয়াৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷