বঙাইগাঁও, 6 মে' : ছাত্ৰ-ছাত্ৰী বিহীন এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় ৷ বিদ্যালয়খনত দুজনকৈ শিক্ষক আছে যদিও ছাত্ৰ-ছাত্ৰী নাই এজনো ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত আবাদী বালা প্ৰাথমিক বিদ্যালয়ৰ ঘটনা এয়া ৷ বিদ্যালয়খনৰ আন্তঃগাথনিত নাই কোনো খুত ৷ কিন্তু তথাপিও ছাত্ৰ-ছাত্ৰী নাহে বিদ্যালয়খনলৈ ৷
জানুৱাৰী মাহৰ পৰা বিগত চাৰি মাহ ধৰি ছাত্ৰ ছাত্ৰী অবিহনে এনেদৰে চলি আছে বিদ্যালয়খন । বিদ্যালয়খনৰ এজন শিক্ষকে দৈনিক মদ্যপান কৰি বিদ্যালয়লৈ অহা কাৰণেই নিজৰ ল'ৰা-ছোৱালীক বিদ্যালয়লৈ নপঠায় বুলি জানিবলৈ দিয়ে একাংশ অভিভাৱকে ৷ কিন্তু অভিভাৱকৰ অভিযোগ সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক প্ৰশ্ন উত্থাপন কৰাত সকলো অভিযোগ মিছা বুলি খণ্ডন কৰে প্ৰধান শিক্ষকৰ লগতে অভিযুক্ত শিক্ষকজনে ৷
বিদ্যালয়খনৰ শিক্ষকৰ এনে ব্যৱহাৰৰ বাবে দীৰ্ঘদিন ধৰি মাণিকপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু বঙাইগাঁও জিলা শিক্ষা বিষয়াক অভিভাৱকসকলে অৱগত কৰি আহিছে যদিও এতিয়াও শিক্ষকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিয়াগোম শিক্ষা বিভাগে ৷