ETV Bharat / state

Corruption in Road construction: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো অসম্পূৰ্ণ পথৰ নিৰ্মাণ

author img

By

Published : Mar 25, 2023, 4:56 PM IST

ৰঘোলা কাহিবাৰী কীৰ্তনপাৰা সংযোগী আই নদীৰ ওপৰৰ দলঙৰ পৰা পূৱ ফালে পথৰ নামত আৱন্টিত কামত ব্যাপক দুৰ্নীতি (Scam in road construction in North Abhayapuri)। বাৰিষাৰ আগত সম্পূৰ্ণ কৰিবলগা কাম বন্ধ কৰি ৰখাক লৈ ৰহস্য় ।

Scam in road construction in North Abhayapuri
বৰঘোলা কাহিবাৰী কীৰ্তনপাৰা সংযোগী দলংখন আজিও নহ'ল সম্পূৰ্ণ

মাণিকপুৰ, ২৫ মাৰ্চ: বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ ওপৰত থকা বৰঘোলা কাহিবাৰী কীৰ্তনপাৰা সংযোগী কোটি টকীয়া দলংখন আজিও সম্পূৰ্ণ নহ'ল (Barghola Kahibari Kirtanpara connecting Bridge incomplete)। এই অসম্পূৰ্ণ দলংখন সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াৰ পিছতেই তাৎক্ষণিকভাৱে কাম আৰম্ভ কৰা হয় যদিও সম্প্ৰতি এই কাম ৰহস্য়জনকভাৱে বন্ধ হৈ আছে (CM Himanta Biswa Sarma)। দলংখনৰ পশ্চিম ফালৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত পূব ফালে নদীৰ গতি বেগ সলনি হোৱাত দলংখন বছৰ বছৰ ধৰি নদীৰ মাজত উপঙি আছিল ।

উত্তৰ অভয়াপুৰী সমষ্টিৰ লাখ লাখ লোকৰ একমাত্ৰ বৰঘোলা কীৰ্তনপাৰা সংযোগী এই পথটো ৰাইজৰ দাবীত সম্পূৰ্ণ কৰিবলৈ ৰাজ্য় চৰকাৰে পুনৰ ৩০ কোটি টকাৰ আৱন্টন দিয়াৰ পিছত ঠিকাদাৰ ৰুদ্ৰ পাঠকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তাৎক্ষণিকভাৱে কাম আৰম্ভ কৰে (Bridge on Aie River in Abhayapuri)। দলংখনৰ পূৱ ফালে প্ৰায় ১ কিলোমিটাৰ পথ নদীৰ ওপৰেদি বালিৰে বান্ধ দিয়া হোৱাৰ পিছত মাত্ৰ কেইমিটাৰমান ঠাই বান্ধিবলৈ বাকী থকা সময়তে নিৰ্মাণ কাম বন্ধ কৰা হৈছে । ইয়াকে লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ হেমাহি আৰু লাভৰ অংকত কাম বন্ধ ৰখা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ । মাত্ৰ এসপ্তাহত মাটিৰ কাম সম্পূৰ্ণ কৰিব পৰা কাম কিহৰ কাৰণে বন্ধ হৈ আছে সেই লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ ৰাইজে অভিযোগ কৰা মতে, ঠিকাদাৰ ৰুদ্ৰ পাঠক আৰু বিধায়ক আব্দুল বাতেন খন্দকাৰৰ মাজত কমিছনৰ অংক নিমিলা আৰু কামৰ বাবে নিজৰ নিজৰ ট্ৰেক্টৰ, গাড়ী মটৰ, শ্ৰমিক ব্যৱহাৰ কৰাক লৈ তীব্ৰ অন্তৰ্কন্দল চলি আছে । ইফালে, একাংশৰ ৰাজনৈতিক লাভালাভৰ বাবেও এই কামৰ হেঙাৰ হোৱা বুলি ৰাইজে মন্তব্য় কৰিছে ।

উল্লেখ্য যে বাৰিষাৰ দিন চাপি অহাৰ লগে লগে নৈপৰীয়া বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ লোক আতংকিত হৈছে । এই কাম সম্পূৰ্ণ নহ'লে চৰকাৰী ধনৰ অপচয় হোৱাৰ লগতে বৃহত্তৰ কীৰ্ত্তনপাৰা, কাহিবাৰী, হালধীবাৰী, মূলবাৰীত জপেয়া আদি কৰি কুৰিখনৰো অধিক গাঁও আগন্তুক বাৰিষাতেই নিঃচিহ্ন হৈ যাব । তেতিয়া লাখ লাখ লোকৰ মাজত হাহাকাৰময় পৰিবেশৰ সৃষ্টি হ 'ব । আই নদীখন মানাহৰ লগত সংযুক্ত হ'ব । সেয়ে দলংখনৰ পুব ফালৰ কাম যুদ্ধকালীন তৎপৰতাত সম্পূৰ্ণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ।

লগতে পঢ়ক:Scam in NREGA: কলগাছিয়াত কাম নকৰাকৈয়ে পঞ্চায়তৰ সভানেত্ৰীয়ে ধন সৰকোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.