ETV Bharat / state

আমি সত্ৰৰ সপক্ষে থাকি মৃত্যু হ'বলৈ সাজু : ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰী - বৰপেটাত প্ৰশাসনৰ উচ্ছেদ

সত্ৰৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ লগতে প্ৰশাসনে উচ্ছেদৰ বাবে পোতা খুঁটি উভালি বিতৰ্কৰ সূচনা কৰা শ্বেৰমান আলীৰ বিৰুদ্ধে সৰভোগৰ মইনবড়ী সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰী প্ৰতিক্ৰিয়া প্ৰকাশ ৷

SARBHOG's DEKA SATRIYA REACTION AGAINST MLA Sherman Ali contoversy
আমি সত্ৰৰ সপক্ষে থাকি মৃত্যু হ'বলৈ সাজু : ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰী
author img

By

Published : Feb 4, 2022, 2:08 PM IST

বঙাইগাঁও, 4 ফেব্ৰুৱাৰী : পুনৰ বিতৰ্কত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ । এইবাৰ সত্ৰৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ লগতে প্ৰশাসনে উচ্ছেদৰ বাবে পোতা খুঁটি নিজেই উভালি বিতৰ্কৰ সূচনা কৰিছে বিতৰ্কিত বিধায়কগৰাকীয়ে। কেৱল সেয়াই নহয় দখলকাৰীৰ পক্ষত থাকি বিধায়ক শ্বেৰমানে বাঘবৰৰ কোনো স্থানতে উচ্ছেদ চলাব নোৱাৰিব বুলি উচতনিমূলক ব্যক্তব্যও প্ৰদান কৰিছে (Barpeta satra MLA Sherman Ali contoversy) ।

আমি সত্ৰৰ সপক্ষে থাকি মৃত্যু হ'বলৈ সাজু : ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰী

মন্দিয়াৰ মহাপুৰুষীয়া সত্ৰৰ উচ্ছেদস্থলীত উপস্থিত হৈ এইদৰে ভাবুকি প্ৰদান কৰাৰ লগতে উচতনিমূলক বক্তব্য প্ৰদান কৰাৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Sherman Ali controversial remarks)। সেয়ে এতিয়া বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক প্ৰত্যাহ্বান আগবঢ়াইছে সৰভোগৰ মইনবড়ী সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰীয়ে (Deka satriya against MLA Sherman Ali) । শ্বেৰমান আলীয়ে বেদখলকাৰীৰ হৈ মৃত্যু হ'লে আমি সত্ৰৰ সপক্ষে থাকি মৃত্যু হ'বলৈ সাজু বুলি মন্তব্য কৰে ডেকা সত্ৰীয়াগৰাকীয়ে ৷

বৰপেটা জিলাৰ সত্ৰ সমূহৰ ভুমি বেদখল কৰা লোকৰ বিৰুদ্ধে প্ৰশাসনে উচ্ছেদ চলোৱাৰ সময়তে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে উচ্ছেদস্থলীত উপস্থিত হৈ বাধা প্ৰদান কৰাৰ লগতে বেদখলকাৰীৰ হৈ মন্তব্য কৰাৰ পিছত বাঘবৰৰ বিধায়কক এতিয়া উভতি ধৰিছে সৰভোগৰ মইনবড়ী সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰীয়ে । লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সত্ৰৰ ভূমি বেদখল কৰা লোকৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰি ভূমি সমূহ মুক্ত কৰিবলৈ ডেকা সত্ৰীয়াগৰাকীয়ে আহ্বান জনায় ।

লগতে পঢ়ক : কংগ্ৰেছ আৰু শ্বেৰমান আলীৰ মাজত জনপ্ৰিয়তাৰ প্ৰতিযোগিতা চলি আছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.