বঙাইগাঁও,4 জুনঃ সমগ্ৰ বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ ইয়াৰ প্ৰতিৰোধী পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে অসমৰ গ্ৰামাঞ্চল সমূহ বীজাণুমুক্ত কৰিবলৈ এক কাৰ্যপন্থা অৱলম্বন কৰিছে ৷ সেই উদ্দেশ্যে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত এখন ছেনিটাইজেশ্যন বাহন প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ উক্ত বাহনখন ৩ জুন, ২০২০ তাৰিখে দিনৰ ১১ বজাত উদ্বোধন কৰা হয় চিলাৰায় ষ্টেডিয়ামৰ প্ৰাংগণত ৷ এই বিশেষ বাহনখনৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ৷ ইয়াৰ দ্বাৰা গ্ৰামাঞ্চলৰ দোকান,স্কুল,কলেজ,পঞ্চায়ত অফিচ,ব্লক অফিচ চৌহদ, হাস্পতাল,অংগনবাদী কেন্দ্ৰ,বজাৰ,কোৱাৰেণ্টাইন চেণ্টাৰ আদি বীজাণু বিয়পিব পৰা ঠাই সমূহ বীজাণুমুক্ত কৰা হ’ব ৷
মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ উপৰিও এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত ডা° এম এছ লক্ষ্মীপ্ৰিয়া,জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিণ্টু বড়ো, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা শান্তনু সূত্ৰধৰকে ধৰি বহুকেইজন ব্যক্তি ।
লগতে পঢ়কঃ বলিউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বিৰুদ্ধে জোনাই আদালতত গোচৰ