ETV Bharat / state

মানিকপুৰত পথ দূৰ্ঘটনা !

বঙাইগাঁও জিলাৰ মানিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে । এই পথ দুৰ্ঘটনাত পথচাৰীৰ লগতে দীপক দাস নামৰ বেংক কৰ্মচাৰীজনো গুৰুতৰভাৱে আহত হয় ৷

author img

By

Published : Mar 26, 2020, 9:03 PM IST

মানিকপুৰত পথ দূৰ্ঘটনা !
মানিকপুৰত পথ দূৰ্ঘটনা !

বঙাইগাঁও, 26 মাৰ্চ : বঙাইগাঁও জিলাৰ মানিকপুৰত সংঘটিত হয় পথ দূৰ্ঘটনা । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় এজন বেংক কৰ্মচাৰী । বঙাইগাঁও জিলাৰ মানিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত পথচাৰীৰ লগতে দীপক দাস নামৰ বেংক কৰ্মচাৰীজন গুৰুতৰভাৱে আহত হয় ৷ জানিব পৰা মতে কৰ'ণাৰ আতংকৰ মাজত জৰুৰীকালীন সেৱাত ব্ৰতী থকা এইচ ডি এফ চি বেংকৰ কৰ্মচাৰী তথা ভৱানীপুৰৰ দীপক দাসে নিজৰ এ এছ 15 এইচ 4474 নম্বৰৰ বাইক লৈ বঙাইগাঁৱৰ কৰ্মক্ষেত্ৰলৈ গৈ আছিল । একে সময়তে মানিকপুৰৰ অজয় নাথ নামৰ লোকজনে পানীৰ বাল্টি লৈ ৰাস্তা পাৰ হওঁতেই দূৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাত অজয় নাথ আৰু বাইক আৰোহী দীপক দাস গুৰুতৰভাৱে আহত হোৱাত স্থানীয় ৰাইজে ততাতৈয়াকৈ মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্ত্তি কৰায় । লগতে পঢ়ক :শিৱসাগৰত ল’ক ডাউন অমান্য একাংশ জনসাধাৰনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.