ETV Bharat / state

Centenary closing ceremony: চাকলা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানক - নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান

কোকিলাত এখনি নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানক লৈ ব্যাপক উচাহ দেখা গৈছে । বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত ১৬৮ নং চাকলা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শকবৰ্ষ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব ১৬ ডিচেম্বৰৰ পৰা(Preparations for the centennial closing ceremony in Kokila) ।

Preparations for the centennial closing ceremony in Kokila
চাকলা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানক লৈ সংবাদমেল
author img

By

Published : Dec 10, 2022, 6:36 PM IST

চাকলা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানক লৈ সংবাদমেল

কোকিলা,১০ ডিচেম্বৰ: কোকিলাৰ শতবৰ্ষ গৰকা এখনি বিদ্যালয়ত শতবৰ্ষ সামৰণি অনুষ্ঠানক লৈ ব্যাপক প্ৰস্তুতি চলিছে । শতবৰ্ষ গৰকা বিদ্যালয়খনি হৈছে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত ১৬৮ নং চাকলা নিম্ন বুনিয়াদী বিদ্যালয় । শতবৰ্ষ উদযাপন সমিতিয়ে এখনি সংবাদমেলযোগে সদৰী কৰে শতবৰ্ষ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী(Preparations for the centennial closing ceremony in Kokila) ।

সংবাদমেলখনত উদযাপন সমিতিৰ বিষয়ববীয়াসকলে উল্লেখ কৰে যে ১৬ ডিচেম্বৰ পুৱা ৭ বজাত ছাফাই অভিযান, ৭:৩০ বজাত সৰ্বধৰ্ম প্ৰাৰ্থনা, ৮:৩০ বজাত মূল পতাকা আৰু ৯ বজাত ১০০ খন পতাকা উত্তোলন, পূৱা ১০ বজাত বৃক্ষৰোপন, ১০:৩০ বজাত স্মৃতিচাৰণ সভা, ১১:৩০ বিদ্যালয় নৱনিৰ্মিত মূল তোৰনৰ দ্বাৰ মুকলি কৰিব প্ৰাক্তন ছাত্ৰ তথা দক্ষিণ অভয়াপুৰীৰ বিধায়ক প্ৰদীপ সৰকাৰে(100 years celebration of school in Kokila) ।

ইফালে দুপৰীয়া ১ বজাত "বৃহত্তৰ অসমীয়া সমাজ গঠনত সংখ্যালঘুসকলৰ অৱদান আৰু কৰনীয়" শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব । সন্ধিয়া ৭:৩০ বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব বুলি শতবৰ্ষ উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি এম মোজাম্মিল হুছেইনে সংবাদমেলত উল্লেখ কৰে । আনহাতে ১৭ ডিচেম্বৰ পুৱা ৫ বজাত মাৰাথান দৌৰ প্ৰতিযোগিতা, পুৱা ৭ বজাত ভেশচন প্ৰতিযোগিতা, ৮ বজাত বিভিন্ন খেলধেমালি, ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা, বিয়লি ২ বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ প্ৰীতি সমাৰোহ অনুষ্ঠিত কৰা হ'ব ।

৬ বজাত বিশেষ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা, ৭ বজাত বিদ্যালয় স্থাপনৰ ক্ষেত্ৰত অৰিহণা যোগোৱা ব্যক্তিসকলক মৰোনোত্তৰ ভাৱে বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব । ইফালে ৮ বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হব বুলি শতবৰ্ষ উদযাপন সমিতিৰ উপসভাপতি ইছমাইল হুছেইনে উল্লেখ কৰে ।

১৮ ডিচেম্বৰত দুপৰীয়া ১ বজাত শতবৰ্ষ উৎযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰৰ সভাপতিত্বত মুকলি সভাত উদ্বোধনী ভাষন প্ৰদান কৰিব জিলা উপায়ুক্ত নৱদ্বীপ পাঠকে, স্মৃতিগ্ৰন্থ উন্মোচন কৰিব এম মোজাম্মিল হুছেইনে, মুখ্য অতিথি হিচাবে উপস্থিত থাকিব মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব সাংসদ আব্দুল খালেক, অসমীয়া খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস আৰু জেষ্ঠ্য সাংবাদিক স্নিগ্ধা শিখা বৰা ৷

উদযাপন সমিতিয়ে শতবৰ্ষ অনুষ্ঠানৰ সামৰণি অনুষ্ঠানক লৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে আৰু ৰাইজৰ সহযোগিতা কামনা কৰিছে । ১৯২২ চনত স্থাপিত অসমীয়া মাধ্যমৰ বিদ্যালয়ত শতবৰ্ষ অনুষ্ঠানক লৈ স্থানীয় লোকৰ মাজত উৎসাহ দেখা গৈছে ।

লগতে পঢ়ক: IIT Guwahati Suicide Case : IIT ৰ D-022 নং কোঠাত আত্মহত্যা অধ্যাপকৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.