ETV Bharat / state

ফণীভূষণ চৌধুৰীৰ ঘৰৰ দেৱালত কেব বিৰোধী পোষ্টাৰ

বঙাইগাঁও জিলাত অসম চৰকাৰৰ যোগান মন্ত্ৰী তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ বাসগৃহত প্ৰতিবাদকাৰীয়ে আঁৰিলে কেব বিৰোধী পোষ্টাৰ ৷ জাতিৰ অস্তিত্বৰ সংকট কালত মৌনতা অৱলম্বন কৰা মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এনেদৰে ক্ষোভৰ বহিঃপ্ৰকাশ কৰে একাংশ প্ৰতিবাদকাৰীয়ে ৷

posters against CAB hung on the walls of Phanibhusan Choudhuty's house
ফণীভূষণ চৌধুৰীৰ ঘৰৰ দেৱালত কেব বিৰোধী পোষ্টাৰ
author img

By

Published : Dec 11, 2019, 11:00 AM IST

Updated : Dec 11, 2019, 11:28 AM IST

বঙাইগাঁও, 11 ডিচেম্বৰঃ ৰাজ্যৰ সৰ্বত্ৰে কেব বিৰোধী প্ৰতিবাদ ৷ জাতি ৰক্ষাৰ বাবে ৰাজপথত নামি আহিছে ৰাইজ ৷ বঙাইগাঁও জিলাত অসম চৰকাৰৰ যোগান মন্ত্ৰী তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ বাসগৃহত প্ৰতিবাদকাৰীয়ে আঁৰি দিয়ে কেব বিৰোধী পোষ্টাৰ ৷ ‘মই অসমীয়া জাতিক বিক্ৰী কৰা ফণীভূষণ,মই এজন ভণ্ড নেতা’ ৷ জাতিৰ অস্তিত্বৰ সংকট কালত মৌনতা অৱলম্বন কৰা মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এনেদৰে ক্ষোভৰ বহিঃপ্ৰকাশ কৰে একাংশ প্ৰতিবাদকাৰীয়ে ৷ সম্প্ৰতি মন্ত্ৰীগৰাকীৰ ঘৰত কৰা পোষ্টাৰিঙক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে জিলাখনত ৷

ফণীভূষণ চৌধুৰীৰ ঘৰৰ দেৱালত কেব বিৰোধী পোষ্টাৰ

আৰু পঢ়ক- ৰাজ্যসভাত গৃহীত হ'বনে কেব ? তীব্ৰ উৎকণ্ঠা

Intro: কেবক লৈ ৰাজ্যৰ সৰ্বত্ৰে বিদ্ৰোহৰ অগনি জ্বলি থকাৰ মাজতে ৰাজ্যৰ লখিমী পথাৰত আন এক সোণাৱালী শইচৰ চিত্ৰণ। স্বৰ্ণ অলংকাৰ পৰিধান কৰিছে ৰাজ্যৰ প্ৰতিখন লখিমী পথাৰে।শীতৰ সুকোমল বুকুচাত উঠি সোণোৱালী শইচৰ ছন্দময় নাচোন। পথাৰে-পথাৰে কেৱল হেঙুল- হাইতালসনা হেমবৰনীয়া পোহাৰ। আহ্লাদিত শ্ৰমজীৱি চহাকৃষকৰ চিত্ত।আহকচোন আমিও অংশীদাৰ হওঁ ।

Body: PTC

হয়। এষাৰ কাব্য মন্ত্ৰ।এই শাৰী কাব্য মন্ত্ৰ যেন কাৰ্যকৰী হৈছে ৰাজ্যৰ বানে ধোৱা পথাৰত। কব বিচাৰিছো ৰাজ্যৰ চহা কৃষকৰ কঠোৰ শ্ৰমৰ বিনিময়ত গঢ়ি তোলা এখন আপুৰুগীয়া চিত্ৰপটৰ বিষয়ে। দিব বিচাৰিছো শীতৰ এখন কল্পচিত্ৰৰ সচিত্ৰ বৰ্ণনা। যি চিত্ৰপট প্ৰত্যক্ষ কৰি হয়তু আপুনি ও হৈ পৰিব কাব্যিক। হব পুলকিত। হব ৰোমাণ্টিক। কাৰ্যতঃ শীতৰ বতৰত সৰিয়হৰ ফুলৰ হেঙুলীয়া দলিছা খনে আপোনাকো মাতিব হাতবাউল দি। আপুনি ও হব সুন্দৰৰ পূজাৰী। হৈ ফৰিব মালি অথবা মালিনী।
দৰাচলতে এইয়া কোনো ইউৰোপীয় ডেফডিলৰ দলিছা নহয়। নহয় ফুলৰ দেশ হংকং অথবা পেৰিছৰ পেৰিচা অথবা চুইজালেণ্ডৰ চুইজা অৰ্কিড। এইয়া আপোনাৰ আজন্ম পৰিচিত সৰিয়হ ফুলৰ সোণোৱালী দলিছা। হয়। ৰাজ্যৰ প্ৰতিখন পথাৰত এতিয়া এনেদৰেই শীতৰ কোলাত হিম কণাৰে সৈতে মৰ্ত্যৰ সৰগ ৰচিছে বেহাৰে । এইয়া মৰিগাঁৱৰ মায়ং ,ভূৰাগাঁও আৰু টেঙা গুৰিৰ বানধোৱা পথাৰৰ দৃশ্য। সোণৰ আকৰত পৰিণত হৈছে কৃষকৰ আঘোণৰ পথাৰ। যেনি চাই তেনি মাথো সোণৰ সৰগ। দুখহাৰি কৃষকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই দশ্যদেখি বানে ধোৱা কৃষকৰ মুখত হাঁহি বিৰিঙিছে। bytes:1-farmers
এফালে আঘোণৰ ভৰপক সোণগুটি চপোৱা বতৰ। আনফালে সৰিয়হৰ মায়াময় দলিছা। এক বিৰল নান্দনিক পৰিদৃশ্য। প্ৰবীন শিল্পীৰ শিল্পকৰ্ম। সত্য আৰু সুন্দৰৰ পূজাৰী চহাৰ কঠোৰ শ্ৰমৰ বিনিময়ত সৃষ্ট এই নৈসৰ্গিক পৰিৱেশেত কি চহা-কৃষক , কবি সাহিত্যিক,কি পক্ষীকুল‌ ,কি মধুমাখি,মৌপিয়া সকলোৰে মনত আশাৰ সঞ্জয় হয়। বিচাৰি পায় জীৱনৰ প্ৰাচূৰ্য।bytes: 2 -farmers

Conclusion:ratul deka.etvbharatmorigaon
Last Updated : Dec 11, 2019, 11:28 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.