মানিকপুৰ, 20 জুলাই : বঙাইগাঁও জিলাৰ মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত (Manikpur model hospital) প্ৰতিদিনে ৰাতিপুৱা 4 বজাৰে পৰা ক’ভিড ভেকচিনৰ বাবে সৃষ্টি হৈ আহিছে এক দীঘলীয়া শাৰীৰ ৷ বিগত কিছুদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ মাজতে ৰাইজ এতিয়া ভেকছিনৰ বাবে অপেক্ষা কৰিছে ৷ কিন্তু প্ৰতিকুল বতৰৰ বাধা নেওচি হাতত কেঁচুৱা লোৱা মহিলা অথবা বয়োজ্যেষ্ঠ লোকসকল ভেকছিন গ্ৰহণ কৰাৰ বাবে ওলাই আহিছে যদিও ভেকছিন পাবনে নাই তাৰ নিশ্চয়তা লাভ কৰা নাই লোকসকলে ৷
ক’ভিড আক্ৰান্তৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ তথা প্ৰশাসন তৎপৰ হৈ থকাৰ সময়তো ভেকছিন প্ৰদান কেন্দ্ৰটো (vaccination center)ত পৰিলক্ষিত হোৱা নাই কোনোধৰণৰ সামাজিক দূৰত্ব অথবা স্বচ্ছতা ৷ এই কথাত ক্ষুব্ধ হৈ পৰিছে ভেকছিন গ্ৰহণ কৰিবলৈ ওলাই অহা লোকসকল ৷ ক্ষুব্ধ ৰাইজৰ একাংশই এই সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাজকোষৰ ধনৰ উচিত ব্যৱহাৰ নোহৱাৰো অভিযোগ উত্থাপন কৰিছে ৷
উল্লেখ্য যে, বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ (Manikpur model hospital) ক’ভিড মেনেজমেন্টৰ নমুনা পূৰ্বেও পোহৰলৈ আহিছে ৷ এগৰাকী মহিলাই উদঙাই দিছিল চিকিৎসালয়খনত ক’ভিড মেনেজমন্ট(covid management)ৰ নামত চলি থকা ফোপোলা স্বৰূপ ৷
ক’ভিড আক্ৰান্ত হৈ বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত (Manikpur Model Hospital) ভৰ্তি হৈছিল মহিলা গৰাকী ৷ য’ত তেওঁক পূৰ্বৰ ক’ভিড আক্ৰান্ত লোকে ব্যৱহাৰ কৰা কাপোৰ সলাই বিচনাত নতুন কাপোৰ এখনৰ ব্যৱস্থাও কৰি দিয়া নাছিল কৰ্তৃপক্ষই ৷ কেৱল সিমানেই নহয়, চিকিৎসালয়খনত ক’ভিড আক্ৰান্তৰ বাবে ৰখা কোঠালিৰ ভিতৰত নাই কোনো ধৰণৰ চাফ-চিকুনতা ৷ চিকিৎসালয়খনৰ শৌচাগাৰ, প্ৰস্বাৱগাৰৰ অবৰ্ণনীয় পৰিস্থিতিৰ লগতে খোৱাপানীৰ ৰঙচুৱা ৰূপেও এতিয়া অইন ৰোগৰ কবলত পৰাৰ চিন্তাত পেলাইছে ৰোগী সকলকো ৷
লগতে পঢ়ক : চৰকাৰী চিকিৎসালয়ত ক’ভিড মেনেজমেন্টৰ ফোপোলা স্বৰূপ