ETV Bharat / state

চিৰাঙত পথৰ শোচনীয় অৱস্থা

বঙাইগাঁও শোধানাগাৰৰ গাতেই লাগি থকা পথৰ দুৰৱস্থা ৷ প্ৰায় আঠ - দহখন গাঁৱৰ লোকে যাতায়াত কৰে এইটো পথেৰে ৷

author img

By

Published : Jun 30, 2019, 10:06 AM IST

চিৰাঙত পথৰ শোচনীয় অৱস্থা

চিৰাং, 30 জুন : এজাক বৰষুণতে চিৰাঙৰ ছাতিপুৰ গাঁৱৰ মূল পথৰ শোচনীয় অৱস্থা ৷ বঙাইগাঁও শোধানাগাৰৰ গাতেই লাগি থকা পথৰ এই দুৰৱস্থা ৷ ঢালিগাঁৱৰ ছাতিপুৰৰ মূল পথছোৱাত সৃষ্টি হৈছে পুখুৰীৰ দৰে গাঁতৰ । ঢালিগাঁৱৰ বৰতালোৱাৰ পৰা ছাতিপুৰ, বান্ধৱগুৰি, হাতীপোতা, হাশ্ৰাওবাৰীকে আদি কৰি প্ৰায় আঠ - দহখন গাঁৱৰ লোকে যাতায়াত কৰে এইটো পথেৰে । শোধানাগাৰৰ নিৰাপত্তাত নিয়োজিত চি আই এচ এফেও এই পথেৰেই যাতায়াত কৰিবলগীয়া হয় ৷

চিৰাঙত পথৰ শোচনীয় অৱস্থা

বঙাইগাঁও শোধানাগাৰৰ চাৰিওপিনৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে যিদৰে শোধানাগাৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেইটো নকৰাৰ অভিযোগ । নিয়ম অনুসৰি নিৰ্দিষ্ট এটা সীমাৰ ভিতৰৰ গ্ৰামাঞ্চলৰ বাট-পথ, খোৱাপানী, জলসিঞ্চন, বিদ্যুৎ যোগান, শিক্ষানুষ্ঠান আদিৰ উন্নয়নৰ প্ৰতি গুৰুত্বপ্ৰদান কৰিব লাগে । কিন্তু সেইক্ষেত্ৰত কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷

Intro:এজাক বৰষুনতে চিৰাঙৰ বাটপথৰ অৱস্থা তথৈবচ । বঙাইগাঁও শোধনাগাৰৰ গাতেই লাগি থকা পথৰ এই দুৰৱস্থা । স্থানীয় গ্ৰামামাঞ্চলৰ কিমান উন্নয়ন কৰিলে বঙাইগাঁও শোধনাগাৰে ?

Body:চিৰাং জিলাৰ ঢালিগাঁওৰ ছাতিপুৰ গাঁওৰ মুল পথছোৱাত সৃষ্টী হৈছে পুখুৰীৰ দৰে গাতৰ । ঢালিগাঁওৰ বৰতালোৱাৰ পৰা পোনে পোনে উত্তৰপিনে ছাতিপুৰ, বান্ধৱগুৰি, হাতীপোতা, হাশ্ৰাওবাৰীকে আদি কৰি প্ৰায় আঠ দহখন গাঁওৰ লোকে যাতায়াত কৰে এইখন পথেৰে। এই পথচোৱা ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ নিচেই গাতে লাগি থকা তাৰ পিচতো কোনো গুৰুত্ব নাই বিটিচি প্ৰশাসন, চিৰাং জিলা প্ৰশাসন নাইবা বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ । শোধনাগাৰ খনৰ নিৰাপত্তাত নিয়োজিত চি আই এচ এফেও এই পথেৰেই যাতায়াত কৰিবলগীয়া হয় শোধনাৰাৰৰ নিৰাপত্তাৰ খাতিৰত । গতিকে এইখিনিতে প্ৰশ্ন হয় আচলতে বঙাইগাঁও শোধনাগাৰখনে ইয়াৰ চাৰিওপিনে থকা গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে কিমান কাম কৰিলে ? এয়াৰ তাৰ বাস্থৱ উদাহৰন ।

পিটিচি, স্থানীয় লোকৰ বাইট দিলো । Conclusion:আচলতে বঙাইগাঁও শোধনাগাৰৰ চাৰিওপিনৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে যিদৰে শোধনাগাৰ খনে গুৰুত্বপ্ৰদান কৰিব লাগিছিল তাৰ কিঞ্চিতমানো পৰিলক্ষিত হোৱা নাই । নিয়ম অনুসৰি নিৰ্দিষ্ট এটা সীমাৰ ভিতৰৰ গ্ৰামাঞ্চলৰ বাট পথ, খোৱাপানী, জলসিঞ্চল,বিদ্যুত যোগান,শিক্ষা অনুষ্টান আদিৰ উন্নয়নৰ প্ৰতি গুৰুত্বপ্ৰদান কৰিব লাগে । অভিযোগ মতে কিন্ত শোধনাগাৰ খনে তাৰ কোনো এটাও নকৰিলে স্থানীয় গ্ৰামাঞ্চলৰ বাবে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.