ETV Bharat / state

বঙাইগাঁৱত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুই আৰক্ষী জোৱান আটক

বৃহস্পতিবাৰে মাজনিশা বঙাইগাঁৱৰ গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসসহ গ্ৰেপ্তাৰ দুই আৰক্ষী জোৱান । এটিএম হেকাৰক টকাৰ বিনিময়ত মুকলি কৰি দিয়া গোচৰত আটক কৰা হৈছে বুলি জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে ।

author img

By

Published : Oct 9, 2020, 6:50 PM IST

Police Sub Inspector with two police arrest in Bongaigaon
বঙাইগাঁৱত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুই আৰক্ষী জোৱান আটক

চিৰাং,9 অক্টোবৰ : বঙাইগাঁও জিলাত বৃহস্পতিবাৰে মাজনিশা আটক হৈছে চাৰি গৰাকী আৰক্ষী জোৱান ৷ জিলাখনৰ গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া (উপ পৰিদৰ্শক) প্ৰীতম দাস,কনিষ্টবল জমিৰ আলী আৰু গৃহৰক্ষী জোৱান ছাহাবুদ্দিনক আটক কৰা হয় ৷

উল্লেখ্য যে,30 চেপ্টেম্বৰত বৰপেটাৰ পৰা বঙাইগাঁৱলৈ এখন বাহনেৰে গৈ থকা চাৰিটা এটিএম হেকাৰক আটক কৰি অৱশেষত ধনৰ বিনিময়ত হেকাৰকেইটাক মুকলি কৰি দিছিল ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী উপ পৰিদৰ্শক প্ৰীতম দাসে । তেওঁৰ সৈতে সহযোগী হিচাপে আছিল কনিষ্টবল জমিৰ আলী আৰু গৃহৰক্ষী জোৱান ছাহাবুদ্দিন । ঘটনা সন্দৰ্ভত অভিযোগ পোৱাৰ পাচতে বিষয়টোক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত । তদন্তৰ ভিত্তিত তিনিওজন আৰক্ষীকে গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে দুপৰীয়া আদালতত হাজিৰ কৰোৱা হয় ৷

তিনিওজন অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে বঙাইগাঁৱৰ মাণিকপুৰ থানাত 390/2020 নং গোচৰ ৰুজু কৰা বুলি বঙাইগাঁও জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে সংবাদ মাধ্যমযোগে সদৰি কৰে ৷

লগতে পঢ়ক: সুৰাপান কৰি অত্যাচাৰ চলোৱাৰ বাবেই নিজ পুত্ৰই হত্যা কৰিলে পিতৃক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.