বঙাইগাঁও,18 মে': ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ'ণাই ৷ কৰ'ণাক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰিছে কেতবোৰ নতুন নিৰ্দেশনা ৷ তাৰ পাচতে কঠোৰ হৈ পৰিছে প্ৰতিখন জিলাৰ আৰক্ষী প্ৰশাসন ৷
আন আন জিলা প্ৰশাসনৰ সমান্তৰালকৈ ক'ভিডৰ নতুন নিৰ্দেশনা ভংগকাৰীৰ বিৰুদ্ধে সষ্টম হৈ পৰিল বঙাইগাঁও জিলা প্ৰশাসন ৷ ৰাজ্য চৰকাৰে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈ নিতৌ নতুন আইন প্ৰণয়ন কৰাৰ পাচতো কৰ'ণাকলৈ ভেঙুচালি কৰি আহিছে একাংশ লোকে ৷
সোমবাৰে জিলাখনৰ কীৰ্তনপাৰাত আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিল বৰঘোলা আৰক্ষী ৷ চৰকাৰী নীতি-নিয়মক অমান্য কৰি ৰাজপথত ঘূৰি ফুৰা একাংশক এসেকা দিলে আৰক্ষীয়ে ৷ ৰাজপথত কাণত ধৰাই ভেকুলী জাপ দিবলৈ দিয়াৰ লগতে লাঠীৰে কোবাই মাস্ক পৰিধান নকৰাসকলক মাস্ক পৰিধান কৰিবলৈ নিৰ্দেশ দিয়ে ৷
লগতে পঢ়ক: কৰিমগঞ্জত উপস্থিত হৈ খঙত অশ্নিশৰ্মা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত