বঙাইগাঁও,১৭ ছেপ্টেম্বৰ: পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহক গৃহ নিৰ্মাণৰ সুবিধা প্ৰদান কৰা হৈছে । সেই অনুসৰি সমগ্ৰ ৰাজ্যজুৰি শনিবাৰে গৃহ নিৰ্মাণৰ শুভ উদ্বোধন কাৰ্যসূচী গ্ৰহণ কৰা হয় । এই ক্ষেত্ৰত পিছপৰি থকা নাই বঙাইগাঁও জিলাৰ বিভিন্ন গাওঁ পঞ্চায়ত এলেকা(Inauguration of PMGAY building house in Bongaigaon) ।
মাণিকপুৰ উন্নয়ন খণ্ডৰ ২৪ টা গাঁও পঞ্চায়তৰ এলেকাত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰাৰ সমান্তৰালকৈ পাতিলদহা গাঁও পঞ্চায়তৰ এলেকাতো ২০ জনকৈ ব্যক্তিৰ ঘৰৰ শুভ উদ্বোধন কৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য প্ৰনৱজ্যোতি বৰ্মণে(Pradhan Mantri Gramin Awaas Yojana) ।
উক্ত শুভ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে পাতিলদহা গাঁও পঞ্চায়তৰ সভাপতি তথা সম্পাদক, সদস্য-সদস্যাসকলৰ উপৰিও আক্ৰাছুৰ পাতিলদহা আঞ্চলিক সমিতিৰ বিষয় ববীয়াসকল আৰু স্থানীয় ৰাইজ ।
লগতে পঢ়ক: ধেমাজিৰ চিমেন চাপৰিত পোষণ মাহ পালন