বঙাইগাঁও, 5 ডিচেম্বৰ : মাণিকপুৰৰ পাতিলাদহা বজাৰত ব্যক্তি এজনৰ পকেটত হাত ভৰাওতেই হাতে-লোটে ধৰা পৰে এটি শিশু (Child pick pocket at Manikpuir cought by public) ৷ ৰাজু সাহা নামৰ লোক এজনে পাতিলাদহা বজাৰত বজাৰ কৰি থকাৰ সময়তে 14 বছৰীয়া সৰবেজ আলীয়ে তেওঁৰ পকেটত হাত ভৰাই পইচা উলিওৱাৰ চেষ্টা কৰে ৷
উল্লেখযোগ্য যে, ৰাজু সাহাই বিয়াৰ বজাৰ কৰিবলৈ 20 হাজাৰ টকা লগত লৈ আহিছিল ৷ বজাৰ কৰাত ব্যস্ত থকা ছেগতে সৰবেজ আলীয়ে তেওঁৰ পকেটত হাত ভৰাই পইচা উলিয়াই নিবলৈ লওঁতেই টকাখিনি মাটিত পৰি যায় ৷ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি তৎক্ষণাত ধৰা পেলায় শিশু পকেট মাৰটোক ৷
পকেটমাৰটো বৰপেটা জিলাৰ শিমলাগুৰিৰ বুলি জানিব পৰা গৈছে ৷ ৰাইজে কৰায়ত্ব কৰি কিশোৰটোক বজাৰ কমিটিৰ হাতত চমজাই দিয়ে ৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশু পকেট মাৰটোক (child pick pocket at manikpur) নিজৰ জিম্মাত লয় ৷
লগতে চাওক : Anti Tobacco Campaign : লখিমপুৰত ধঁপাত বিৰোধী অভিযানৰ প্ৰস্তুতি