বঙাইগাঁও, 16 জুলাই : বঙাইগাঁৱৰ গোলাপাৰা-বাংলাপাৰা গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনা(Pradhan Mantri Gramin Awaas Yojana)ৰ গৃহ নিৰ্মাণত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । হিতাধিকাৰীৰ নামত আৱণ্টন হোৱা চৰকাৰী গৃহৰ ধন ভয়-ভাবুকিৰে পঞ্চায়ত সদস্যাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । গোলাপাৰা প্ৰথম খণ্ডৰ পঞ্চায়ত সদস্যা ৰুজুফা খাতুনৰ স্বামী আশ্ৰাফুল ইছলামে গাঁও পঞ্চায়তৰ প্ৰতিনিধি(GPC) ইমদাদুলৰ সহযোগত এই কেলেংকাৰী সংঘটিত কৰিছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷
গোলাপাৰা প্ৰথম খণ্ডৰ গোলাপ ৰাব্বানী নামৰ হিতাধিকাৰীজনৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি, গোলাপ ৰাব্বানী নামৰ হিতাধিকাৰীজনৰ নামত গৃহ আবণ্টন হৈছিল যদিও পঞ্চায়ত সদস্যাৰ স্বামী আশ্ৰাফুল ইছলামে হিতাধিকাৰীজনক বিভিন্ন ভয় ভাবুকিৰে নিজ ভাতৃৰ ঘৰৰ ফটো তুলি 'জিঅ টেক' কৰি গৃহৰ নামত আৱণ্টিত সমুদায় ধন লৈ নিজৰ ঘৰত গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । ঘটনা সংক্ৰান্তত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ উত্থাপিত হৈছে ।
এই কেলেংকাৰীত সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে । এই ঘটনা পোহৰলৈ অহাৰ পাচতে এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে দুৰ্নীতিৰ অভিযোগত অভিযুক্ত পঞ্চায়ত সদস্য, গাঁও পঞ্চায়তৰ প্ৰতিনিধি (GPC) আৰু খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া লক্ষ্যণীয় হ’ব ।
লগতে পঢ়ক : শোণিতপুৰত শিথিল নহয় ক’ভিড বিধি : অব্য়াহত লকডাউন