ETV Bharat / state

মাণিকপুৰত নিখিল ভাৰত কৃষক সভাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য ৷ বৃহস্পতিবাৰে আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে নিখিল ভাৰত কৃষক সভাৰ বঙাইগাঁও জিলা আৰু চিৰাং জিলা কমিটিয়ে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কৰে (Nikhil Bharat Krishak Sabha protest against price hike) ৷

author img

By

Published : May 19, 2022, 10:07 PM IST

nikhil-bharat-krishak-sabha-protest-against-price-hike-in-bongaigaon
মাণিকপুৰত নিখিল ভাৰত কৃষক সভাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

বঙাইগাঁও, 19 মে’: নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যৰ জনতাক । সম্প্ৰতি পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সকলো সময়ৰ অভিলেখ ভংগ কৰিছে । লগতে ঔষধৰ ব্যাপক মূল্যবৃদ্ধি হোৱা দেখা গৈছে (Medicine price hike in Assam) ৷ এই সময়চোৱাতেই সামগ্ৰীসমূহৰ ওপৰত GST ৰ পৰিমাণ কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰাৰ ফলত জনসাধাৰণৰ জীৱন দূৰ্বিসহ হৈ উঠিছে ৷

চৰকাৰৰ এই নীতিৰ ফলত দেশখন অৱধাৰিতভাৱে এক অতি শোচনীয় আৰ্থিক সংকটৰ গৰাহলৈ গতি কৰিছে ৷ এই অৱস্থাৰ মাজতেই দুমাহৰো অধিক কাল একেৰাহে হোৱা বৃষ্টিপাতৰ ফলত বঙাইগাওঁ জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত বহু কৃষকক কৃষিভূমি বিস্তৰ ক্ষতি-সাধন হৈছে ।

গম, মাকৈ, মৰাপাট, বিভিন্ন মছলা শস্যৰ লগতে শাক পাচলি পথাৰতে পচি গৈছে । সেয়ে বৃহস্পতিবাৰে নিখিল ভাৰত কৃষক সভাৰ বঙাইগাঁও জিলা আৰু চিৰাং জিলা কমিটিয়ে দুই ঘন্টা অৱস্থান ধৰ্মঘট কৰে (Nikhil Bharat Krishak Sabha protest against price hike) ৷ লগতে মাণিকপুৰৰ ৰাজ পথেৰে শোভাযাত্ৰা কৰি মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিতিমনি দাসৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মালৈ কেইবা দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, পে’ট্ৰল, ডিজেল, ৰন্ধন গেছসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, অতিবৃষ্টি, ধুমুহাত বিনষ্ট হোৱা কৃষকৰ খেতি আৰু সা সম্পত্তি ক্ষতি পূৰণৰ ব্যৱস্থা আৰু প্ৰতিখন গাওঁ পঞ্চায়তৰ এলেকাত একোটাকৈ ধান ক্ৰয় কেন্দ্ৰ স্থাপন লগতে আই নদীৰ বান পানীত গৃহহাৰা হোৱা পৰিয়াল সমূহক সংস্থাপন কৰাৰ দাবীত এই স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ( Nikhil Bharat Krishak Sabha send memorandum to CM ) ৷

লগতে পঢ়ক : অইলৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰ্তৃপক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.