ETV Bharat / state

Newly constructed education temple : মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ নৱ নিৰ্মিত শিক্ষা মন্দিৰ উন্মোচন

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 4:29 PM IST

শিক্ষক দিৱসৰ দিনাই বঙাইগাঁৱৰ মানিকপুৰত উন্মোচিত হ’ল মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ নৱ নিৰ্মিত শিক্ষা মন্দিৰ। নামনি অসমৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয় ।

Newly constructed education temple
মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ নৱ নিৰ্মিত শিক্ষা মন্দিৰ উন্মোচন

মাণিকপুৰ, 5 ছেপ্টেম্বৰ : আজি পৱিত্ৰ শিক্ষক দিৱস। দেশৰ লগতে আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে শিক্ষক দিৱস ৷ শিক্ষক দিৱসৰ দিনাই বঙাইগাঁৱৰ মানিকপুৰত উন্মোচিত হ’ল মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ নৱ নিৰ্মিত শিক্ষা মন্দিৰ।

এই শিক্ষা মন্দিৰ নিৰ্মাণৰ বাবে ব্যয় কৰিবলৈ অসম চৰকাৰে 2019-20 চনত এক কোটি আৱন্টন দিছিল । আৱন্টিত এক কোটি টকাৰে আটক ধুনীয়াকৈ ভৱনটো নিৰ্মাণ কৰে ঠিকাদাৰ তহিব্বুল হুছেইনে। বিশেষকৈ ভৱনটোৰ সন্মুখফালে দেৱালত বিভিন্ন সংস্কৃতিৰ চিহ্ন অংকিত কৰি আটক ধুনীয়াকৈ সজাই তোলাৰ বাবে ৰাইজে ঠিকাদাৰগৰাকীক প্ৰশংসা কৰে।

ভৱনটো উন্মোচন কৰে মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ গৱৰ্ণৰ বডিৰ পৰিচালনা সমিতিৰ সভাপতি কৰুণাকান্ত ৰায়ে। উন্মোচনী অনুষ্ঠানত মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মৰ্তুজ আলী আহমেদ উপস্থিত থাকে । অধ্যক্ষগৰাকীয়ে অসম চৰকাৰক মহাবিদ্যালয়ৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মন্তব্য কৰি কয়, "মহাবিদ্যালয়ৰখনৰ বহু দিনীয়া এটা অভাৱ পূৰণ হ’ল। মই এই মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰে বৰ্তমানলৈ জড়িত হৈ আছো আৰু মহাবিদ্যালয়ৰ লগত জড়িত সকলো প্ৰৱক্তা, শুভাকাংক্ষী আৰু পৰিচালনা সমিতিৰ অশেষ চেষ্টা ও পৰিশ্ৰমৰ বাবে মহাবিদ্যালয়খনে আজিৰ এই মাত্ৰাত উপনীত হ’ব পাৰিছে ৷ সেই সকলোলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো লগতে প্ৰয়াত শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এই মহাবিদ্যালয়খন মাণিকপুৰ অঞ্চলৰে শিক্ষা অনুষ্ঠান। সেইবাবে মই মাণিকপুৰ অঞ্চলৰ ৰাইজৰ সহযোগ কামনা কৰিছোঁ যাতে ভৱিষ্যতে যাতে মহাবিদ্যালয়খনক গ্ৰাম্য বিশ্ববিদ্যালয় ৰূপে প্ৰতিষ্ঠিত কৰিব পাৰোঁ।"

নামনি অসমৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয় । ১৯৯৩ চনৰ ২ আগষ্ট তাৰিখে স্থাপিত কৰা হৈছিল মহাবিদ্যালয়খন ।

লগতে পঢ়ক: Foundation day of Manikpur Anchalic College: মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.