ETV Bharat / state

SI কেলেংকাৰীত মই জড়িত হলে শাস্তি পামঃ ফণীভূষণ চৌধুৰী

author img

By

Published : Oct 14, 2020, 9:51 PM IST

বঙাইগাঁৱত অগপৰ প্ৰতিষ্ঠা দিৱস পালন ৷ প্ৰতিষ্ঠা দিৱসত উপস্থিত বহু কেইগৰাকী নেতা ৷ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ SI কেলেংকাৰী সন্দৰ্ভত বিস্ফোৰক মন্তব্য ৷

Minister PhaniBhukhan Choudury Reaction On SI Exm Scandal
বঙাইগাঁৱত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

বঙাইগাঁও, 14 অক্টোবৰ : বুধবাৰে বঙাইগাঁৱত অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত পোন প্ৰথমবাৰৰ বাবে মুখ খুলিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । বঙাইগাঁৱত অগপৰ প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে তেওঁক দোষাৰোপ কৰা একাংশ দল সংগঠনক প্ৰত্যাহ্বান জনায় ।

মন্ত্ৰী গৰাকীয়ে জনাই যে, মই যদি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক কেলেংকাৰীত জড়িত তেন্তে আপোনালোকে প্ৰমাণ কৰক বুলি মন্তব্য প্ৰদান কৰে । বিগত 35 বছৰৰ পৰা বিধায়ক হৈ থকা বাবে মোৰ সৈতে বঙাইগাঁৱৰ সকলো ব্যৱসায়ীৰ সৈতে ঘনিষ্ঠতা আছে । আনহাতে, এই কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে ৷ গতিকে, মই যদি দোষী হওঁ তেতিয়া হলে মই শাস্তি পাম বুলি উল্লেখ কৰে ৷

SI কেলেংকাৰী সন্দৰ্ভত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ মন্তব্য

লগতে পঢ়ক : CSKৰ অল ৰাউণ্ডাৰ চেম কৰণক প্ৰশংসা এম.এছ ধোনীৰ

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক কেলেংকাৰীত অক্ষয় টেলি কমিউনিকেচনৰ স্বত্বাধিকাৰী তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ অতি ঘনিষ্ঠ অক্ষয় চান্দ বৈদৰ নাম সাঙোৰ খাই পৰাত বিভিন্ন প্ৰচাৰ মাধ্যমত মন্ত্ৰী ফণীভূষণ চৌধুৰীক লৈ চৰ্চা অব্যাহত আছে ৷ এনে চৰ্চা চলি থকাৰ মাজতে বুধবাৰে বঙাইগাঁৱত মন্ত্ৰী ফণীভূষণ চৌধুৰী অক্ষয় চান্দ বৈদ সম্পৰ্কত কয় যে, কেৱল অক্ষয় চান্দ বৈদই নহয় বঙাইগাঁৱৰ সকলো ব্যৱসায়ীৰ সৈতে মোৰ সম্পৰ্ক ভাল ৷

লগতে পঢ়ক : আলফা (স্বা)ৰ তিনি কেডাৰৰ আত্মসমৰ্পণ

তেওঁ পুনৰ কয় যে, নিৰ্বাচনৰ প্ৰাকক্ষণত একাংশ দল-সংগঠনে হকে-বিহকে অভিযোগ উত্থাপন কৰে ৷ এনে কাৰ্য সমৰ্থন যোগ্য নহয় ৷ 35 বছৰৰ পৰা বঙাইগাঁৱৰ বিধায়ক হৈ থকা অগপ দলৰ ফণীভূষণ চৌধুৰীক জন মানসত হেয় প্ৰতিপন্ন কৰাৰ এক ষড়ষন্ত বুলি বিধায়ক জনে উল্লেখ কৰে ৷

তেওঁ অসম গণ পৰিষদৰ 36 বছৰীয়া এই প্ৰতিষ্ঠা দিৱসত কেক কাটি দলীয় সতীৰ্থ সকলৰ সৈতে আনন্দ উপভোগ কৰি দলটোৰ বিষয়ে কয় যে, এই প্ৰতিষ্ঠা দিৱসত প্ৰতিটো সমষ্টিত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি পতা হৈছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগলৈ নিৰ্বাচিত চীন আৰু ৰাছিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.