বঙাইগাঁও, 19 জানুৱাৰীঃ বঙাইগাঁৱৰ মাণিকপুৰৰ পাৰিয়াপাৰাত চাঞ্চল্যকৰ ঘটনা ৷ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল চমুকৈ চি.আই.এচ.এফত কৰ্মৰত স্বামীয়ে হত্যা কৰি পত্নীক ওলোমাই থোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
উল্লেখ্য যে, তিনিমাহ পূৰ্বে পুৰণি বঙাইগাঁৱৰ বোৱাৰীগৰাকী মানিকপুৰৰ পাৰিয়াপাৰা গাঁৱৰ নৱ কুমাৰ দাসৰ পুত্ৰ সমীৰ দাসৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । চি.আই.এচ.এফত কৰ্মৰত সমীৰ দাসে বিবাহৰ দুমাহ পিচৰ পৰাই ২০ লাখ টকা যৌতুক হিচাপে দাবী কৰা বুলি উল্লেখ কৰে বোৱাৰীগৰাকীৰ পৰিয়ালে। যৌতুক দিব নোৱাৰাৰ কাৰণে সমীৰ দাসে ছুটিত আহি নিশা হত্যা কৰে বুলি অভিযোগ বোৱাৰীগৰাকীৰ পৰিয়ালৰ। মাণিকপুৰ আৰক্ষীৰ ৰহস্যজনক ভূমিকা পালন কৰা বুলি অভিযোগ উত্থাপন কৰিছে ছোৱালীপক্ষৰ পৰিয়ালে ৷ ইফালে সমীৰ দাসৰ পৰিয়ালৰ সকলো লোক পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷
আৰু পঢ়কঃকলিয়াবৰত আটক বাইক চোৰ পিতা-পুত্ৰ