ETV Bharat / state

Manikpur BDO Suspended: প্ৰধানমন্ত্ৰী আৱাস যোজনাত অনিয়ম কৰি নিলম্বিত মানিকপুৰৰ খণ্ড উন্নয়ন বিষয়া

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 7:45 PM IST

নিলম্বন কৰা হৈছে মানিকপুৰ উন্নয়ন খণ্ডৰ বিষয়া মঞ্জুশ্ৰী ঘোষক ৷ এম জি এ ৱাই আঁচনিৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক খেলিমেলি আৰু দূৰ্নীতিত সাঙোৰ খাই নিলম্বিত হ’ল বিষয়াগৰাকী ৷ এজন যুৱকৰ অভিযোগৰ ভিত্তিত চলিছিল তদন্ত ৷

Manikpur BDO Suspend
মানিকপুৰৰ খণ্ড উন্নয়ন বিষয়াক নিলম্বন

মানিকপুৰৰ খণ্ড উন্নয়ন বিষয়াক নিলম্বন

মানিকপুৰ, 18 অক্টোবৰ : বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ বিষয়া মঞ্জুশ্ৰী ঘোষক নিলম্বন কৰা হৈছে ৷ মানিকপুৰ গাঁও পঞ্চায়তত পি এম জি এ ৱাই আঁচনিৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক খেলিমেলি আৰু দূৰ্নীতিৰ অভিযোগত নিলম্বন কৰা হৈছে খণ্ড উন্নয়ন বিষয়াগৰাকীক । পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মুখ্য সচিব জেবি ইক্কাৰ স্বাক্ষৰিত পত্ৰযোগে ১৭ অক্টোবৰত নিলম্বন কৰা হয় মঞ্জুশ্ৰী ঘোষক । মাণিকপুৰৰ যুবক হেমন্ত নাথৰ অভিযোগৰ ভিত্তিত তদন্তৰ পাছত বিভাগে এই সিদ্ধান্ত লৈছে ।

উল্লেখ্য যে যোৱা প্ৰায় তিনি মাহ পূৰ্বে মাণিকপুৰ গাঁও পঞ্চায়তৰ এলেকাধীন মৌখোৱা ৭/৮ নং খণ্ডত পি এম এ ওৱাই জি আঁচনিত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পাছতে প্ৰথমে মাণিকপুৰ খণ্ড উন্নয়ন বিষয়াক অভিযোগ দাখিল কৰাৰ পাছতো খণ্ড উন্নয়ন বিষয়াই গুৰুত্ব নিদিয়াত বঙাইগাঁও জিলাৰ আয়ুক্তক অভিযোগ দাখিল কৰে । জিলা আয়ুক্তই অভিযোগকাৰীৰ অভিযোগৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাত উপায়হীন হৈ পঞ্চায়ত ও গ্ৰাম্য উন্নয়নৰ মুখ্য সচিব জে বি এক্কাৰ কাষ চাপে অভিযোগকাৰী । অভিযোগকাৰীৰ অভিযোগৰ ভিত্তিত যোৱা ১৭ ছেপ্টেম্বৰত আৰম্ভ কৰা হয় তদন্ত ।

উক্ত তদন্তৰ পাছত বিহিত ব্যৱস্থা গ্ৰহণ কৰি তৎকালীনভাৱে মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰে । এই সংক্ৰান্তত আৰু বহুতো লোক জড়িত হৈ আছে বুলিও অভিযোগ উত্থাপিত হৈছে । পঞ্চায়ত সচিব, গ্ৰাম ৰোজগাৰ সহায়ক আৰু গাঁও পঞ্চায়ত সমন্বয়কৰ বিৰুদ্ধেও একাংশই অভিযোগ উত্থাপন কৰিছে ।

অভিযোগ অনুসৰি পকী ঘৰ থকা ব্যক্তিকো পি এম জি এ ৱাই আঁচনিৰ অধীনত ঘৰ প্ৰদান কৰা হৈছে । একেৰাহে দুবাৰ-তিনিবাৰ ঘৰ পোৱা ব্যক্তিকো ঘৰ দিয়া হৈছে আৰু চাৰিচকীয়া বাহন থকা ব্যক্তিৰ নামতো ঘৰ আৱন্টন দিয়া হৈছে । আনহাতে এতিয়াও মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত সকলো গাঁও পঞ্চায়ত, ভিচিডিচিত উপযুক্ত ব্যক্তি ঘৰ নোপোৱাকৈ আছে । ইফালে মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰা কাৰ্যক প্ৰশংসা কৰিছে অঞ্চলবাসীয়ে ।

লগতে পঢ়ক: Apex Bank Fraud : বিতৰ্কিত ৰাজেশ বাজাজে লোৱা ২০ কোটিৰ ঋণৰ তদন্তৰ দাবী বিৰোধী দলপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.