বঙাইগাঁও,২৪ জুন: বঙাইগাঁৱত সংঘটিত এক শ্বাসৰুদ্ধকাৰী ঘটনা । বঙাইগাঁও জিলাৰ কিষান বজাৰৰ সমীপত নিৰ্মাণৰত অগ্ৰিম আৱাসত সংঘটিত হৈছে এই অঘটন । আৱাসটোৰ সপ্তম মহলাত কৰ্মৰত এগৰাকী শ্ৰমিক বাগৰি পৰে তলত ।
এই ঘটনা সংঘটিত হোৱাৰ পাছতেই হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত । সংকটজনক অৱস্থাত শ্ৰমিকগৰাকীক বঙাইগাঁৱৰ লৱাৰ অসাম হাস্পতালত(Labourers undergoing treatment after falling from the seventh floor) । আহত শ্ৰমিকজন বঙাইগাঁও জিলাৰ মেৰেশ্বৰৰ ৰকিবুল ইছলাম বুলি জানিব পৰা গৈছে ।
এই ঘটনা সংঘটিত হোৱাৰ পাছতেই বিভিন্নজনে তদাৰকৰ দায়িত্বত থকা লোকজনৰ বিৰুদ্ধে উত্থাপন কৰিছে ভিন্ন অভিযোগ । স্থানীয় ৰাইজৰ অভিযোগ যে শ্ৰমিকৰ সুৰক্ষাৰ ক্ষেত্ৰত যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেদৰে গ্ৰহণ কৰা হোৱা নাই । চেফটি বেল্ট প্ৰদান নকৰাৰ বাবেই এই ঘটনা সংঘটি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় বিভিন্ন দল-সংগঠনে ।
লগতে পঢ়ক: Dead body recovered : ব্ৰহ্মপুত্ৰত নিখোজ যুৱকৰ মৃতদেহ উদ্ধাৰ