বঙাইগাঁও, 31 জুলাই : কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত আগষ্ট মাহত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে ৷ বঙাইগাঁও প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজিত কৰি সংগঠনটোৰ নেতৃবৃন্দই এই কথা উল্লেখ কৰাৰ লগতে জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ অসম আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় । সংগঠনটোৰ সভাপতি অতুল ৰায়ে কয় যে, কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণ বিষয়টো কেন্দ্ৰই ৰাজ্যসভাত উত্থাপন কৰিলে যদিও বিষয়টোৰ ওপৰত আলোচনা আৰু গৃহীত দিশত কোনো গুৰুত্ব আৰোপ নকৰিলে । অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্ৰী গোট গঠন কৰিলে যদিও বিষয়টোত গুৰুত্ব আৰোপ নকৰিলে বুলি ক্ষোভ ব্যক্ত কৰে নেতাজনে ।
অতুল ৰায়ে লগতে কয় যে, অসম চৰকাৰে অসমত কোচ ৰাজবংশী, মৰাণ আৰু মটকসকলৰ বাবে তিনিখন স্বায়ত্ত শাসিত পৰিষদ গঠনৰ কথা ঘোষণা কৰিলেও স্বায়ত্ত শাসন পৰিচালনাৰ বাবে বিল গৃহীত কৰা নাই । ৰায়ে ৩১ আগষ্টৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আগতে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ বাবে বিল গৃহীত কৰি আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি অন্তৱৰ্তী পৰিষদ গঠনৰ দাবী জনায় । লগতে প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ বাহিৰত থকা কোচ ৰাজবংশীসকলক পূৰ্বৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদত অধিক শক্তিশালী কৰি পুঁজি আৱন্টন দি উন্নয়নত গুৰুত্ব দিবলৈ আহ্বান জনায় ।
ৰায়ে লগতে কয় যে, কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ গঠনৰ দাবীত এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে । এই অনুসৰি আগষ্ট মাহৰ প্ৰথম সপ্তাহত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব । লগতে সমিতিয়ে আগষ্ট মাহৰ ভিতৰত বিভিন্ন দল, সংগঠনৰ লগত আলোচনা সভা অনুষ্ঠিত কৰিব । ইয়াৰ লগতে ৩১ আগষ্টত বঙাইগাঁও চহৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত বঙাইগাঁৱত জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰিব সমিতিয়ে । সংবাদ মেলত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক সহেন ৰায়, বঙাইগাঁও জিলা গোটৰ সভাপতি নাৰায়ণ মেধি আৰু সাধাৰণ সম্পাদক ৰাতুল ৰায় উপস্থিত থাকে ।
লগতে পঢ়ক : ডিব্ৰুগড়ত 300 খন বিচনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণ