ETV Bharat / state

ৰাজ্যৰ ভূমিহীন লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান - বিশ্বনাথ চাৰিআলি

ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰা হয় ৷ খিলঞ্জীয় লোকৰ স্বাস্থ সুৰক্ষিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকক প্ৰদান কৰা হয় মাটিৰ পট্টা ৷

Issuance of land lease and allotment letter to the landless people of the State
ৰাজ্যৰ ভুমিহীন লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান
author img

By

Published : Oct 5, 2020, 10:50 PM IST

নিউজ ডেস্ক, 5 অক্টোবৰ : সোমবাৰে আনুষ্ঠানিকভাৱে ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰা হয় ৷ খিলঞ্জীয়া লোকৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকক প্ৰদান কৰা হয় মাটিৰ পট্টা ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত সোমবাৰে ভূমিহীন লোকৰ পট্টা আৰু আৱন্টন পত্ৰ বিতৰণৰ এখন সভা অনুস্থিত হয় ৷ এই উপলক্ষে অনুস্থিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত নিজানা হুচেইনে ৷ আদৰণি ভাষণত ধেমাজি জিলাৰ উপায়ুক্ত নৰসিং পাৱাৰে অসম চৰকাৰে ভূমিহীন খিলঞ্জীয়া পৰিয়াল সমূহৰ বাবে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷

Issuance of land lease and allotment letter to the landless people of the State
ধেমাজিৰ দৃশ্য

অনুস্থানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই কয় যে, অসম চৰকাৰৰ ঐতিহাসিক প্ৰদক্ষেপ বুলি উল্লেখ কৰি জাতি মাটি কথা কোৱা চৰকাৰখনে আজিৰে পৰাই আৰু এখোজ আগুৱাই গৈছে বুলি আলোকপাত কৰে ৷ আনকি, কৃষি ক্ষেত্ৰতটো বিজেপি চৰকাৰখনে যথেষ্ট কাম কৰিছে বুলি অৱগত কৰি গোগামুখত নিৰ্মাণ হৈ থকা কৃষি গৱেষণা কেন্দ্ৰ চলিত মাহৰ পৰাই আৰম্ভ হ’ব বুলি উল্লেখ কৰে ৷ ধেমাজি জিলাখনত 2834 জন ভূমিহীন লোকক পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰা হৈছে ৷

লগতে পঢ়ক : ৰাইজৰ স্বাভিমান ৰক্ষাৰ বাবে চৰকাৰে দায়বদ্ধতাৰে কাম কৰিছে: মুখ্যমন্ত্ৰী

ইফালে, মৰিগাঁৱতো ভূমিহীন 1628 টা পৰিয়ালৰ মাজত আনুষ্ঠানিকভাৱে ভূমি পট্ৰা প্ৰদান কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ জাগীৰোডৰ খেলপথাৰত সভা অনুষ্ঠিত কৰি ভূমি পট্টা প্ৰদান কৰে লোক সকলক । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয় স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, বিজেপি চৰকাৰে খিলঞ্জীয়াৰ কথা চিন্তা কৰি এই সিদ্ধান্ত লৈছে ।

মৰিগাঁৱৰ দৃশ্য

লগতে পঢ়ক : ভূমিক কেন্দ্ৰ কৰি নগাঁৱৰ এখন নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

আনহাতে, গোলাঘাটতো অতুল বৰাই বিতৰণ কৰিলে ভূমিপট্টা । গোলাঘাট ৰাজহ ও ব্যৱস্থাপনা বিভাগ আৰু গোলাঘাট প্ৰশাসনে ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীক ভূমিপট্টা, আৱন্টন পত্ৰ বিতৰণ কৰে । ভূমি পট্টা বিতৰণ অনুষ্ঠান উদ্বোধন কৰে বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই । জিলাখনত 1351 খন ভূমিপট্টা, 669 খন ভূমিৰ আৱন্টন পত্ৰ বিতৰণ কৰা হয় । গোলাঘাটৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকে খুমটাইৰ বিধায়ক মৃনাল শইকীয়া, সৰুপথাৰৰ প্ৰাক্তন বিধায়ক বিনোদ গোৱালা ।

গোলাঘাটৰ দৃশ্য

লগতে পঢ়ক : লখিমপুৰত ধন উৎকোচ লৈ গ্ৰেপ্তাৰ বন বিষয়া

একেদৰে শোণিতপুৰ জিলাতো ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীৰ মাজত আনুষ্ঠনিকভাৱে ভূমি পট্টা আৰু আৱণ্টন প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ৷ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা এক বিশেষ সভাত তেজপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ পল্লৱ লোচন দাসে জিলাখনৰ মুঠ 1857 গৰাকী ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ মাজত ভূমি পট্টা আৰু আৱণ্টন প্ৰমাণ পত্ৰ বিতৰণ কৰে ৷

তেজপুৰৰ দৃশ্য

উক্ত সভাত বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী দলী চুৰিণ, জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, এমট্ৰনৰ উপাধক্ষ ঋতুবৰণ শৰ্মা, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিৰাজ নাথকে ধৰি ৰাজহ চক্ৰ বিষয়াসকল আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷ অনুষ্ঠানত জিলাখনৰ 1318 বিঘা 4 কঠা 18 লেচা মাটি সামৰি 1732 গৰাকী ভূমিহীন হিতাধিকাৰীক আৱণ্টন পত্ৰ আৰু 347 বিঘা 1 কঠা 15 লেচা মাটি সামৰি 125 গৰাকী ভূমিহীন হিতাধিকাৰীক পট্টা বিতৰণ কৰা হয় ৷

লগতে পঢ়ক : গুৱাহাটী মহানগৰীত চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ইফালে, লখিমপুৰতো 8565 গৰাকী খিলঞ্জীয়া কৃষকক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ উপস্থিতিত ভূমি পট্টা বিতৰণ কৰা হয় ৷ লখিমপুৰ জিলাত ৰাজহ আৰু দুৰ্যোগ ব্যবস্থাপনা বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ভূমিহীন লোকৰ মাজত ভূমি পট্টা বিতৰন কৰা হয় ৷ জিলাখনৰ 7 টা ৰাজহ চক্ৰৰ ভূমিহীন পৰিয়াললৈ ভূমি পট্টা আৰু আবন্টন প্ৰমাণ প্ৰত্ৰ প্ৰদানৰ এখনি সভা অনুষ্ঠিত কৰি 8586 খন পট্টা আনুষ্ঠানিক ভাবে বিতৰণ কৰে । ইয়াৰে 6269 খন পট্ৰা আৰু 2306 খন ভূমি আবন্টন প্ৰমাণ পত্ৰ বিতৰণ কৰে । লখিমপুৰ জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত মনোজ কুমাৰ বৰুৱাই আদৰণি ভাষণ দাঙি ধৰা সভাখনত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে জিলাখনৰ বিভিন্ন অঞ্চলত জৰীপ নোহোৱা বহু গাঁৱক বিজ্ঞানসন্মত জৰীপ কৰি পট্টনৰ ব্যৱস্থা কৰাৰ কথা ব্যক্ত কৰে ।

লগতে পঢ়ক : ষষ্ঠটো বানত অধিক শোচনীয় হৈ পৰিছে মৰিগাঁৱৰ কৃষকৰ অৱস্থা

আনহাতে, ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাতো জিলাখনৰ ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰী লোকৰ মাজত ভূমি পট্টা আৰু আৱন্টন পত্র বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয় । ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত পুৱা 11 বজাত স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত ভূমি পট্টা আৰু আবন্টণ পত্র বিতৰণ অনুষ্ঠান ৷ অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা তথা পেঞ্চন বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰী, জিলা উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মী প্ৰিয়াৰ উপস্থিতিত জিলাখনৰ সৰ্বমুঠ 1228 গৰাকী ভূমিহীন খিলঞ্জীয়াৰ ভিতৰত পাঁচটা ৰাজহ চক্ৰ ক্ৰমে, বঙাইগাঁও, সৃজনগ্ৰাম, ডাংতল, মানিকপুৰ আৰু বইটামাৰীৰ মুঠ 52 গৰাকী হিতাধীকাৰীক আনুষ্ঠানিকভাৱে ভূমি পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান কৰা হয় ৷ ইফালে, 1176 গৰাকী হিতাধিকাৰীয়ে এই ভূমি পট্টা আৰু আৱন্টন পত্ৰ নিজ নিজ ঠাইৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা গ্ৰহণ কৰিব বুলি জানিব দিয়ে । উক্ত সভাত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা, জিলা বিজেপিৰ সভানেত্রী হিমানী অধিকাৰী, বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় সিংহ, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি কমল বৰুৱাৰ লগতে জিলাখনৰ আটাইকেইটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল, অন্যান্য বিষয়া-বৰ্গ আৰু হিতাধিকাৰী সকল উপস্থিত থাকে ।

বঙাইগাঁৱৰ দৃশ্য

লগতে পঢ়ক : পুনৰ পিছুৱালে ড. দেৱেন দত্তৰ হত্যাকাণ্ডৰ ৰায়দান

একেদৰে, বিশ্বনাথতো ভূমিহীন পৰিয়ালক মাটি পট্ৰা আৰু আবন্টন পত্ৰ বিতৰণ কৰা হয় ৷ জিলাখনৰ 283 গৰাকী ভূমিহীন পৰিয়ালৰ সদস্যক মাটি পট্ৰা আৰু আৱন্টন পত্ৰ বিতৰণ কৰা হয় । বিশ্বনাথ চাৰিআলিৰ কৃষি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্বনাথ জিলা প্ৰশাসন আৰু ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত আয়োজন কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী ৰঞ্জিত দত্ত । মন্ত্ৰী গৰাকী লগতে উপস্থিত থাকে গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ উপায়ুক্তৰ লগতে হেলেম ৰাজ চক্ৰ বিষয়া, বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াকে ধৰি বহু কেইজন চৰকাৰী বিষয়া ৷

বিশ্বনাথৰ দৃশ্য

লগতে পঢ়ক : প্ৰসংগ ডেনিয়েল হত্যাকাণ্ডঃ পূৰ্বৰ অভিযুক্ত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া

লগতে, কাছাৰতো ৰাজহ দুর্যোগ বিভাগ আৰু কাছাৰ জিলা প্রশাসনৰ উদ্যোগত ভূমিহীন ৰাইজক পট্টা প্রদান কৰা হয় । শিলচৰ পোহৰৰ বঙ্গভৱনত এক সভাৰ যোগেদি অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল চৰকাৰৰ ফালৰ পৰা কাছাৰ জিলাৰ 445 গৰাকী লোকক ভূমিৰ পট্টা প্রদান কৰা হৈছে । ইয়াৰে বৰখলা সমষ্টিৰ 193 গৰাকী প্ৰদান কৰা ৷ অনুষ্ঠানত উপস্থিত থাকে বনমন্ত্রী পৰিমল শুক্লবৈদ্য, বিধায়ক দিলীপ পাল, কটিগৰাৰ বিধায়ক অমৰ চান্দ জৈনকে আদি কৰি বহু কেইগৰাকী লোক ৷

কাছাৰৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.