অভয়াপুৰী, 14এপ্ৰিলঃ লাও খা, বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা
মা সৰু, বাপেৰ সৰু
তই হবি বৰ গৰু
অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুত মতলীয়া ৰাজ্যবাসী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দেওবাৰে অভয়াপুৰীৰ চৌতাকীতো পালন কৰা হয় গৰু বিহু ৷ অভয়াপুৰীৰ শিশু,ডেকাৰ পৰা আৰম্ভ কৰি সকলোৱে নৈৰ ঘাটলৈ উলাই আহে নিজৰ গৰু-গাইক মাহ-হালধিৰে নোৱাবলৈ ৷
উল্লেখযোগ্য যে, কৃষিজীৱি সমাজখনত গৰুৱে চিৰকালেই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে, সেয়েহে গো-সম্পদৰ প্ৰতি সন্মান জনাই কৃষক ৰাইজে ব’হাগ বিহু পালন কৰোতে প্ৰথমে গৰু বিহু পালন কৰাৰ এক পৰম্পৰাগত নিয়ম আছে ৷ যাৰ বাবে কুজীয়া নৈৰ পাৰলৈ চৌতাকীৰ সমগ্ৰ ৰাইজ ওলাই আহি পালন কৰে গৰু বিহু ৷