ETV Bharat / state

Ghost terror: ভূত নে ভ্ৰম ! কাৰ ভয়ত মৰ্জিনাই 24 ঘন্টাত পিন্ধি থাকে হেলমেট

author img

By

Published : Aug 3, 2023, 9:30 AM IST

এক অজান ভয়ে খেদি ফুৰিছে মাৰ্জিনাক ৷ ক’লৈকো যাব নোৱাৰে তেওঁ, য’তেই যায় তাতেই শুনা পাই ধুম-ধাম শব্দ ৷ উফৰি আহে শিলৰ টুকুৰা ৷ উপায়হীন মাৰ্জিনাই অনবৰতে পিন্ধি থাকিব লগীয়া হৈছে এটা হেলমেট ৷

Ghost Story at Manikpur
অন্ধবিশ্বাস, কু-সংস্কাৰ নে অন্য কিবা

অন্ধবিশ্বাস, কু-সংস্কাৰ নে অন্য কিবা

মাণিকপুৰ, 3 আগষ্ট : অন্ধবিশ্বাস, কু-সংস্কাৰ নে অন্য কিবা ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 5 নম্বৰ ভাণ্ডাৰাত সংঘটিত হৈছে এক অদ্ভূতকাণ্ড ৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ এই যুগত যি কথা শুনিলে আপোনাৰো চকু কঁপালত উঠিব ৷

বঙাইগাঁও জিলাৰ ৰফিকুল ইছলাম নামৰ এগৰাকী ব্যক্তিয়ে উল্লেখ কৰা অনুসৰি, কোনো অশৰীৰি আত্মাই বাহ লৈছে তেওঁৰ ঘৰত ৷ বিগত 4/5 মাহ ধৰি তেওঁৰ পত্নীক কোনোবা অদৃশ্য শক্তিয়ে শিলৰে আক্ৰমণ কৰি আছে । ঘৰত যিমানেই মানুহ নাথাকক কিয় কেৱল মহিলাগৰাকীকহে লক্ষ্য কৰি লয় কোনো অদৃশ্য শক্তিয়ে ৷ আনকি অদৃশ্য শক্তিৰ আক্ৰমণত বহুবাৰ আঘাতপ্ৰাপ্তও হৈছে মৰ্জিনা খাতুন ৷ যাৰ ফলত ৰফিকুল ইছলামৰ পত্নী মৰ্জিনা খাতুনে দিনে-ৰাতিয়ে পিন্ধি থাকে হেলমেট ৷

মৰ্জিনা খাতুনৰ স্বামীৰ গৃহত এনে অৱস্থা হৈ থকাৰ বাবে তেওঁক পিতৃ গৃহত কিছুদিন থাকিবলৈ পঠিয়াই দিয়া হৈছিল ৷ তাতো একেই অৱস্থা হোৱাত মৰ্জিনা খাতুনক পিতৃ গৃহৰ পৰা আকৌ আন আন বহু ঠাইতে মহিলাগৰাকীক থৈ অহা হৈছিল ৷ কিন্তু কোনো কোনো সুফল নোপোৱাত উপায়ন্তৰ হৈ পৰিছে মৰ্জিনা খাতুনৰ পৰিয়ালটো ৷

উপায়ন্তৰ হৈ ৰফিকুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকে গাঁওবাসীৰ লগতে খবৰ দিয়ে আৰক্ষীকো ৷ আনকি কোনোবা অদৃশ্য শক্তিয়ে এনেধৰণৰ ঘটনা সংঘটিত কৰি অহা বুলি পৰিয়ালৰ লোকে অসমৰ বিভিন্ন ঠাইত কবিৰাজী বা তান্ত্ৰিকৰো চিকিৎসা গ্ৰহণ কৰে ৷ কিন্তু এই সংক্ৰান্তত কোনো সুফল পোৱা নাই পৰিয়ালটোৱে । সেয়ে এই ক্ষেত্ৰত উচিত সমাধান বিচাৰি পৰিয়ালৰ লোকে কাষ চাপিছে সংবাদ মাধ্যমৰ ৷

লগতে পঢ়ক : One person died of electric shock: নামৰূপত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.