বঙাইগাঁও, 19 আগষ্ট: আৰক্ষীৰ তৎপৰতাৰত বঙাইগাঁৱত উৎখাত জুৱাৰ ঘাটি ৷ দিৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি ইদ্ৰাচন যাদৱ নামৰ লোক এজনে জুৱাৰ ঘাটি চলাই আহিছিল বুলি অভিযোগ উত্থাপন হৈছে ৷ বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱত দৈনিক জুৱাৰ আড্ডা অব্যাহত আছে বুলিও জানিব পৰা গৈছে আৰক্ষীৰ অভিযানত ৷ নিউ বঙাইগাঁও ৰেল'ৱে জংচনৰ ওচৰতে ইদ্ৰাচন যাদৱ নামৰ লোকগৰাকীৰ নেতৃত্বত লাখ লাখ টকাৰ জুৱা খেল অনুষ্ঠিত হৈ অহাৰ বিষয়ে অৱগত হয় আৰক্ষী ৷
আনহাতে জুৱাৰ সমান্তৰালকৈ নিষিদ্ধ সুৰাৰ ব্যৱসায়ৰ লগতে ভিন্ন অসামাজিক কাম সেই অঞ্চলত চলি অহা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইদ্ৰাচন যাদৱ নামৰ অভিযুক্ত লোকজনৰ দোকানৰ পিছপিনে বাৰৰ দৰে দোকান খুলি সুৰাৰ বেপাৰ কৰাৰ লগতে, জুৱাৰ বৃহৎ ঘাটি এটা স্থাপন কৰি লোৱা হৈছিল ৷ বঙাইগাঁও আৰক্ষীৰ সৈতে গোপন বুজাবুজি থকা বুলি উল্লেখ কৰিছিল ইদ্ৰাচন যাদৱে ৷ বুধবাৰে আৰক্ষীয়ে অভিযান চলাই প্ৰবীন চৌধুৰী (35), মনিৰ মিঞা (43), আদিত্য মিশ্ৰ (27), নুৰ আলম (30) আৰু মহম্মদ চাহাবুদ্দিন (30) নামৰ 5 জনকৈ অভিযুক্তক আটক কৰে ৷ আনহাতে আটকাধীন লোককেইজনৰ লগত থকা একাংশ অভিযুক্তৰ লগতে, অভিযুক্ত ইদ্ৰাচন যাদৱেও পলায়ন কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
লগতে পঢ়ক: কলিয়াবৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী সন্দৰ্ভত ন-ন তথ্য উদঘাটন