ETV Bharat / state

অলংকাৰ পৰিস্কাৰ কৰিবলৈ গৈ ৰাইজৰ ৰোষত বহিঃৰাজ্যৰ প্ৰৱঞ্চক - bongaigaon news

বৃহস্পতিবাৰে বঙাইগাঁৱৰ হৰিৰচৰ গাঁৱত এটা বহিঃৰাজ্যৰ প্ৰৱঞ্চক(Fraud) আটক ৷ গাঁৱৰ মহিলাসকলৰ মনত সন্দেহ ওপজে বিহাৰৰ ধমক কুমাৰ নামৰ প্ৰৱঞ্চকটোৰ ওপৰত ৷ কিন্তু কেনেকৈ ?

fraud arrest in bongaigaon
বঙাইগাঁৱত প্ৰৱঞ্চক আটক
author img

By

Published : Aug 20, 2021, 11:46 AM IST

বঙাইগাঁও, 20 আগষ্ট : ৰাজ্যত চলি থকা আংশিক লকডাউন(Lockdown)ৰ মাজতে উপদ্ৰৱ চলাই গৈছে চিলনী চোৰ, ঠগ-প্ৰৱঞ্চকসকলে ৷ বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ মেৰেৰচৰ থানাৰ অন্তৰ্গত হৰিৰচৰ গাঁৱত আটক হয় এটা বহিঃৰাজ্যৰ প্ৰৱঞ্চক(Fraud) ৷

জানিব পৰা মতে, ধমক কুমাৰ নামৰ প্ৰৱঞ্চকটোৱে বিহাৰৰ পৰা আহি বৰপেটাত বৃহৎ চক্ৰ গঢ়ি তুলিছে ৷ গাঁৱৰ ঘৰে ঘৰে সোমাই মহিলাসকলৰ সোণ-ৰূপৰ আ-অলংকাৰ পৰিস্কাৰ কৰাৰ প্ৰলোভনেৰে দিন-দুপৰতে চকুৰ সন্মুখতে চলাই গৈছে চুৰি কাৰ্য ।

বঙাইগাঁৱত প্ৰৱঞ্চক আটক

লগতে পঢ়ক: ৰেলত গাঞ্জা কঢ়িয়াই নিয়া মহিলাসহ বৃহৎ পৰিমানৰ গাঞ্জা উদ্ধাৰ

বৃহস্পতিবাৰেও হৰিৰচৰ গাঁৱত বহুকেইঘৰলৈ গৈ মহিলাসকলক বিভিন্ন প্ৰলোভন দি সোণ-ৰূপ পৰিস্কাৰ কৰিবলৈ লয় ৷ পৰিস্কাৰ কৰাৰ পাচত প্ৰত্যেকবিধ অলংকাৰ মহিলাসকলে হাতত লৈ চায় আৰু ওজন কম হোৱাৰ সন্দেহ প্ৰকাশ কৰে । তাৰ পাচতে ওজন জোখা হয় অলংকাৰসমূহৰ ৷ কিন্তু প্ৰত্যেকবিধ অলংকাৰৰ ওজন পূৰ্বতকৈ কম দেখি হতভম্ব হয় মহিলাসকল ৷

এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ ৷ লগে লগে আৰক্ষীক খবৰ দি প্ৰৱঞ্চকটোক মেৰেৰচৰ আৰক্ষীৰ হাতত গতাই দিয়ে ৰাইজে ।

লগতে পঢ়ক: বেংগালুৰুত উদ্ধাৰ ৰঙাপৰাৰ সন্ধানহীন কিশোৰী-কিশোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.