ETV Bharat / state

পেঞ্চনভোগীক উৎকোচ বিচাৰি আটক হ’ল শিক্ষা বিভাগৰ কৰ্মচাৰী

author img

By

Published : Aug 8, 2021, 10:40 PM IST

বঙাইগাঁৱত উৎকোচ লৈ আৰক্ষীৰ জালত পৰিছে শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷ পেঞ্চনৰ টকা মোকলাই দিয়াৰ নামত টকা দাবী কৰিছিল চন্দ্ৰা সন্দিকৈ নামৰ কৰ্মচাৰী গৰাকীয়ে ।

আৰক্ষীৰ জালত বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক

বঙাইগাঁও, 8 আগষ্ট : মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিব বুলি ঘোষণা কৰিছিল ৷ তাৰপাছতে তেওঁ সংশ্লিষ্ট বিভাগ সমূহক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল আৰু দুৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰিবৈল সকলোকে আহ্বান জনাইছিল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কোঠৰ হৈ পৰিছে আৰক্ষী, প্ৰশাসন তথা তদন্তকাৰী সংস্থা সমূহ ৷

এই বোৰৰ মাজতে বঙাইগাঁৱত উৎকোচ লৈ আৰক্ষীৰ জালত পৰিছে শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷ কৰ্মচাৰী গৰাকী হ’ল চন্দ্ৰা সন্দিকৈ ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত উত্তৰ শালমাৰা মহকুমাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক তেওঁ ৷ উল্লেখযোগ্য যে, পেঞ্চনৰ টকা মোকলাই দিয়াৰ নামত টকা দাবী কৰিছিল চন্দ্ৰা সন্দিকৈ নামৰ কৰ্মচাৰী গৰাকীয়ে । এই সমগ্ৰ ঘটনাৰ সৰ্ন্দভত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থ সাৰথি জহৰীয়ে অভয়াপুৰী থানাত দাখিল কৰিছিল এজাহাৰ ।

ইপিনে অভিযোগ দাখিল কৰাৰ উমান পাই বিগত ২৬ জুলাইৰ পৰা পলাতক হৈ আছিল কৰ্মচাৰী গৰাকী । অৱশেষত দেওবাৰে দিছপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাৰ পৰাই আৰক্ষীয়ে আটক কৰে চন্দ্ৰা সন্দিকৈ নামৰ কৰ্মচাৰী গৰাকীক । সম্প্ৰতি অভয়াপুৰী আৰক্ষীৰ জিম্মাত আছে কৰ্মচাৰী গৰাকী । আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে কৰ্মচাৰী গৰাকীক জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখযোগ্য যে, বুধবাৰে মঙলদৈত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল খাৰুপেটীয়া কৃষি খণ্ডৰ কৃষি উন্নয়ন বিষয়া জ্যোতিৰেখা দাস । ১৫,০০০ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে জ্যোতিৰেখা দাসক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলে । জানিবপৰা মতে, বিষয়া গৰাকীয়ে কৃষকক ধান বিক্ৰী কেন্দ্ৰৰ প্ৰমাণ প্ৰত্ৰ দিয়াৰ নামত লৈছিল ধন । বিষয়া গৰাকীৰ চাকৰি খাৰুপেটীয়াত যদিও মঙলদৈত ভাড়াঘৰত থাকে তেওঁ । ঘটনা অনুসৰি খাৰুপেটীয়াৰ জয়নাল আবেদিন নামৰ খেতিয়কজনৰ পৰা ধন দাবী কৰিছিল ADO জ্যোতিৰেখা দাসে । সম্প্ৰতি ৰঙাঘৰৰ আলহী ADO জ্যোতিৰেখা দাস ৷

লগতে পঢ়কঃ এফালে পথাৰত চিৰাল ফাঁট আনফালে চৰহা পোকৰ আতংক : বিপাঙত কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.